ভৰি উপেক্ষা কৰিলে কেতিয়াবা বহুতো সমস্যা হ'ব পাৰে। ফাটি যোৱা হিল (Cracked heels) এটা সাধাৰণ সমস্যা। এই সমস্যা যিকোনো সময়তে হ'ব পাৰে, কিন্তু শীতকালত (Winter) ই অলপ বেছি বৃদ্ধি হয়। এয়া কেৱল মহিলাৰ ক্ষেত্ৰতে নহয় পুৰুষৰ ক্ষেত্ৰতো হয়, এই সমস্যাটোৱে সমানে সমস্যাজনক। দৰাচলতে, শীতকালত, ঠাণ্ডাৰ বাবে হাত আৰু ভৰি জঠৰ হৈ থাকে আৰু সেইবোৰত ৰক্ত সঞ্চালনৰ অভাৱৰ বাবে, ভৰিৰ গোৰোহাৰ ফাট দেখা যায়। কেতিয়াবা এই ফাটবোৰ বাঢ়ি যায় আৰু যথেষ্ট বিষ (Pain) দিয়ে, কেতিয়াবা সেইবোৰ ফুলা আৰু বিষৰ লগতে তেজ ওলায়। অৱশ্যে, এই সমস্যাটো দূৰ কৰিবলৈ, বজাৰত ব…
২৭ জানুৱাৰী শ্বেহনাজ গিলৰ বাবে অতি বিশেষ, কিয়নো এই দিনত তেওঁ জন্ম গ্ৰহণ কৰিছিল (Shehnaaz Gill Birthday)। শ্বেহনাজৰ ভায়েক শ্বেহবাজে তেওঁৰ ভগ্নীৰ এটা ভিডিঅ' শ্বেয়াৰ কৰিছে (Shehbaz extends heartfelt wishes to Shehnaaz Gill), যিটো ভাইৰেল হৈ আছে।শেহনাজ গিল হৈছে উদ্যোগটোৰ নাম যিটো এতিয়া সকলোৱে জানে। বিগ বছত 'পাঞ্জাৱ কি কেটৰিনা' হিচাপে বিখ্যাত হোৱা শ্বেহনাজ আজি টিভিৰ এটা ডাঙৰ নাম। ২৭ জানুৱাৰী শ্বেহনাজ গিলৰ বাবে অতি বিশেষ, কিয়নো এই দিনত তেওঁ জন্ম গ্ৰহণ কৰিছিল (Shehnaaz Gill Birthday)। শ্বেহনাজৰ এই জন্মদিনটো তেওঁৰ বাবে বিশেষ …
মাৰাত্মক ড্ৰাগছৰ বিৰুদ্ধে পুনৰ চলিল পশ্চিম গুৱাহাটী আৰক্ষী জিলাৰ অভিযান। গুৱাহাটী মহানগৰীৰ দুৰ্গা সৰোবৰ আৰু কামাখ্যা গেটত ভৰলু আৰক্ষী আৰু পশ্চিম গুৱাহাটী আৰক্ষী জিলাৰ স্পেচিয়েল অপাৰেশ্যন গ্ৰুপ চমুকৈ SOGৰ যৌথ ড্ৰাগছবিৰোধী অভিযানত আটক দুজন কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰী। এক গোপন সূত্ৰৰ তথ্যৰ ভিত্তিত অভিযান চলাই আটক কৰা সৰবৰাহকাৰী দুটা হ'ল জিতু দাস আৰু দীপজ্যোতি কলিতা। দুয়োৰে পৰা আৰক্ষীয়ে ৪১টাকৈ সন্দেহজনক হেৰ’ইনভৰ্তি কণ্টেইনাৰ আৰু নগদ ২৫ হাজাৰ টকা জব্দ কৰে। লগতে জব্দ কৰে AS01Q1120 নম্বৰৰ এখন মটৰ চাইকেলো। জানিব পৰা মতে, ধৃত দুই সৰবৰাহকা…
দেশ তথা ৰাজ্যত কোৰোণা ভাইৰাছে ভীতিগ্ৰস্ত কৰি থকাৰ মাজতে কোভিডৰ তৃতীয় লহৰ তথা অমিক্ৰনৰ সন্ত্ৰাস। দিনক দিনে বাঢ়িছে আক্রান্তৰ সংখ্যা। সমগ্ৰ দেশৰ লগতে ৰাজ্যতো একেই পৰিস্থিতি। নিতৌ বাঢ়িছে কণ্টেইনমেণ্ট জ’নৰ সংখ্যা। নানা ধৰণৰ নিষেধাজ্ঞা জাৰি কৰিছে চৰকাৰে। পৰিস্থিতি কেতিয়া ভাল হ’ব, তাকে লৈ সকলোৱে অপেক্ষাত। যদিও চিকিৎসকসকলে উল্লেখ কৰিছে যে ভৱিষ্যতৰ পিনে হতাশ হৈ চাই লাভ নাই। বৰং সাধাৰণ মানুহে আৰু বেছি প্ৰস্তুত থাকিব লাগিব। কিন্তু কেনেকৈ? চিকিৎসকসকলে উল্লেখ কৰিছে যে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰিব লাগিব। গঢ়ি তুলিব লাগিব বেছি ইমিউনিটি। সংক্ৰামক প…
যোৱা ২২ জানুৱাৰীত নগাঁও আৰক্ষীৰ এণ্টি নাৰ্কটিক স্কোৱাডে ছাত্ৰনেতা কীৰ্তিকমল বৰাক (Kirti Kamal Borah) কৰা এনকাউণ্টাৰ (Nagaon Encounter) সন্দৰ্ভত তদন্ত কৰিবলৈ নগাঁও আৱৰ্ত ভৱনত ২৮ জানুৱাৰীৰ উপস্থিত হ'ব ৰাজ্যৰ অতিৰিক্ত মুখ্য সচিব পৱন বৰঠাকুৰ। উল্লেখযোগ্য যে, ছাত্ৰনেতা কীৰ্তিকমল বৰাক এণ্টি নাৰ্কটিক স্কোৱাডৰ বিষয়া প্ৰদীপ বণিয়াই এনকাউণ্টাৰ কৰাৰ বিৰুদ্ধে সমগ্ৰ ৰাজ্যতে তীব্ৰ প্ৰতিবাদৰ সৃষ্টি হৈছে। বিৰোধী ৰাজনৈতিক দল তথা জাতীয়তাবাদী দল-সংগঠনে নগাঁৱৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত তীব্ৰ প্ৰতিবাদ স্যবস্ত কৰাৰ পিছতে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শ…
শিলচৰৰ প্ৰাক্তন সাংসদ সুস্মিতা (Sushmita Dev) দেৱৰ পিছত অসমৰ এগৰাকী কংগ্ৰেছী সাংসদলৈ লোভনীয় প্ৰস্তাৱ প্ৰেৰণ কৰিছে তৃণমূল কংগ্ৰেছে (TMC)। ২০২৪ৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে তৃণমূল কংগ্ৰেছত যোগদান কৰিলে সাংসদগৰাকীক অসম প্ৰদেশ কমিটীৰ সভাপতিৰ পদ দিয়াৰ লগতে পশ্চিম বংগৰ পৰা ৰাজ্যসভাৰ সাংসদ পদত নিৰ্বাচিত কৰাৰ প্ৰতিশ্ৰুতিও প্ৰদান কৰিছে তৃণমূল কংগ্ৰেছৰ নেতৃত্বই। এই সন্দৰ্ভত সাংসদগৰাকীৰ সৈতে নতুন দিল্লীত আলোচনাতো মিলিত হৈছে তৃণমূলৰ নেতৃত্ব। অৱশ্যে এতিয়ালৈকে কোনো সিদ্ধান্তত উপনীত হ'ব পৰা নাই সাংসদগৰাকী। অৱশ্যে কংগ্ৰেছৰ এক ভিতৰুৱা সূত্ৰৰ তথ্য অনুস…
পুষ্পা : দ্য ৰাইজৰ সফলতাৰ পিছত দক্ষিণৰ ছুপাৰষ্টাৰ আল্লু অৰ্জুনৰ জনপ্ৰিয়তা অধিক বৃদ্ধি পাইছে। পুষ্পাৰ পিছত আল্লু অৰ্জুনলৈ কেৱল বিগ বাজেটৰ ছবিয়ে নহয়, তেওঁলৈ ডাঙৰ ডাঙৰ অফাৰো আহিছে। ইয়াৰ কৃতিত্ব আল্লু অৰ্জুনৰ কষ্ট আৰু তেওঁৰ অভিনয় শৈলীৰ। আহক জানো আল্লু অর্জুনে নিজৰ আপকামিং ছবিৰ বাবে কিমান টকা চাৰ্জ কৰিছে। আল্লু অৰ্জুন আৰু ৰশ্মিকা মন্দানা অভিনীত ছবি পুষ্পাই বক্স অফিচত খলকনি তোলাৰ লগতে কেইবাখনো ছবিৰ অভিলেখ ভংগ কৰিছে। এই ছবিখনে ঈৰ্ষণীয় উপাৰ্জনৰ লগতে ছবিখনৰ তাৰকাৰ ভাগ্যও চমকাই তুলিছে। পুষ্পাত আল্লুৰ অৰ্জুনৰ অভিনয় খুব পছন্দ কৰিছে দৰ্শকে। আল্লু …
Social Plugin