গুৱাহাটীত চলি আছে ড্ৰাগছৰ বেহা, কামাখ্যা গেটত ড্ৰাগছসহ আটক দুই সৰবৰাহকাৰীক


 মাৰাত্মক ড্ৰাগছৰ বিৰুদ্ধে পুনৰ চলিল পশ্চিম গুৱাহাটী আৰক্ষী জিলাৰ অভিযান। গুৱাহাটী মহানগৰীৰ দুৰ্গা সৰোবৰ আৰু কামাখ্যা গেটত ভৰলু আৰক্ষী আৰু পশ্চিম গুৱাহাটী আৰক্ষী জিলাৰ স্পেচিয়েল অপাৰেশ্যন গ্ৰুপ চমুকৈ SOGৰ যৌথ ড্ৰাগছবিৰোধী অভিযানত আটক দুজন কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰী। এক গোপন সূত্ৰৰ তথ্যৰ ভিত্তিত অভিযান চলাই আটক কৰা সৰবৰাহকাৰী দুটা হ'ল জিতু দাস আৰু দীপজ্যোতি কলিতা। দুয়োৰে পৰা আৰক্ষীয়ে ৪১টাকৈ সন্দেহজনক হেৰ’ইনভৰ্তি কণ্টেইনাৰ আৰু নগদ ২৫ হাজাৰ টকা জব্দ কৰে। লগতে জব্দ কৰে  AS01Q1120 নম্বৰৰ এখন মটৰ চাইকেলো।

জানিব পৰা মতে, ধৃত দুই সৰবৰাহকাৰীয়ে দীৰ্ঘদিন ধৰি অঞ্চলকেইটাত চলাই আহিছিল মাৰাত্মক ড্ৰাগছৰ অবৈধ বেহা। ইফালে সৰবৰাহকাৰী দুয়োটাৰ বিৰুদ্ধে আৰক্ষীয়ে NDPS আইনৰ অধীনত ৰুজো কৰিছে এক গোচৰ। লগতে এই  সন্দৰ্ভত অধিক তথ্যৰ বাবে সোধা-পোছা অব্যাহত ৰাখিছে আৰক্ষীয়ে। আৰক্ষীৰ সঠিক তদন্ততহে ড্ৰাগছ সৰবৰাহ সংক্ৰান্তীয় বিভিন্ন তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে।

Post a Comment

0 Comments