মমতা দিদিৰ চকু অসমৰ কংগ্ৰেছ সাংসদৰ ওপৰত, কংগ্ৰেছৰ এগৰাকী সাংসদক ৰাজ্যসভাৰ সাংসদ আৰু তৃণমূলৰ প্ৰদেশ সভাপতিৰ প্ৰস্তাৱ

 


শিলচৰৰ প্ৰাক্তন সাংসদ সুস্মিতা (Sushmita Dev) দেৱৰ পিছত অসমৰ এগৰাকী কংগ্ৰেছী সাংসদলৈ লোভনীয় প্ৰস্তাৱ প্ৰেৰণ কৰিছে তৃণমূল কংগ্ৰেছে (TMC)। ২০২৪ৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে তৃণমূল কংগ্ৰেছত যোগদান কৰিলে সাংসদগৰাকীক অসম প্ৰদেশ কমিটীৰ সভাপতিৰ পদ দিয়াৰ লগতে পশ্চিম বংগৰ পৰা ৰাজ্যসভাৰ সাংসদ পদত নিৰ্বাচিত কৰাৰ প্ৰতিশ্ৰুতিও প্ৰদান কৰিছে তৃণমূল কংগ্ৰেছৰ নেতৃত্বই। এই সন্দৰ্ভত সাংসদগৰাকীৰ সৈতে নতুন দিল্লীত আলোচনাতো মিলিত হৈছে তৃণমূলৰ নেতৃত্ব। অৱশ্যে এতিয়ালৈকে কোনো সিদ্ধান্তত উপনীত হ'ব পৰা নাই সাংসদগৰাকী।

অৱশ্যে কংগ্ৰেছৰ এক ভিতৰুৱা সূত্ৰৰ তথ্য অনুসৰি, প্ৰাৰম্ভিক পৰ্যায়ত থকা আলোচনা যথেষ্ট ইতিবাচক দিশত গতি কৰিছে। আনকি সাংসদগৰাকীয়ে তেওঁৰ অনুৰাগী বহু যুৱনেতাৰ সৈতেও এই বিষয়ে আলোচনাত মিলিত হৈছে। যদি সকলো ঠিকে থাকে তেনেহ'লে সাংসদ গৰাকীৰ সৈতে যুৱ কংগ্ৰেছ আৰু এনএছইউআইৰো কেইবাগৰাকীও নেতাই ২০২৪ৰ নিৰ্বাচনৰ পূৰ্বে তৃণমূলত যোগ দিব পাৰে।

অৱশ্যে ফেব্ৰুৱাৰীত তৃণমূল প্ৰধান মমতা বেনাৰ্জীৰে আলোচনাত মিলিত হোৱাৰ পিছতহে এই সন্দৰ্ভত সিদ্ধান্ত লোৱাৰ সম্ভাৱনা আছে। কিন্তু ইজনৰ পিছত সিজন বিধায়কে দল ত্যাগ কৰি শাসকীয় বিজেপি দললৈ গমন কৰাৰ সময়তে এইবাৰ ভূতৰ ওপৰত দানহ পৰাদি দলটোৰ এগৰাকী সাংসদে তৃণমূলৰ নেতৃত্বৰ সৈতে গোপন বৈঠকত মিলিত হোৱা খবৰে চিন্তিত কৰি তুলিছে ৰাজ্যৰ কংগ্ৰেছী মহলক।

জানিব পৰা মতে, বিগত সময়ছোৱাত লবীকেন্দ্ৰিক ৰাজনীতিৰ বাবেই ৰাজ্যৰ কংগ্ৰেছী মহলত কিছু এলাগী হৈ পৰিছিল সাংসদগৰাকী। নেতৃত্বৰ প্ৰতি ক্ষুণ্ণ হৈয়ে শেহতীয়াকৈ দলত্যাগৰ প্ৰতি আগ্ৰহী হোৱা সাংসদগৰাকীক দললৈ আদৰি বৰ্তমান অসমত দলৰ ভেটি মজবুত কৰাৰ কৌশল ৰচিছে তৃণমূলৰ নেতৃত্বই।

Post a Comment

0 Comments