কোভিডসৃষ্ট কালত ইমিউনিটি বঢ়াবৰ বাবে ভাল উপায় মাছাজ, জানক সবিশেষ

 


দেশ তথা ৰাজ্যত কোৰোণা ভাইৰাছে ভীতিগ্ৰস্ত কৰি থকাৰ মাজতে কোভিডৰ তৃতীয় লহৰ তথা অমিক্ৰনৰ সন্ত্ৰাস। দিনক দিনে বাঢ়িছে আক্রান্তৰ সংখ্যা। সমগ্ৰ দেশৰ লগতে ৰাজ্যতো একেই পৰিস্থিতি। নিতৌ বাঢ়িছে কণ্টেইনমেণ্ট জ’নৰ সংখ্যা। নানা ধৰণৰ নিষেধাজ্ঞা জাৰি কৰিছে চৰকাৰে। পৰিস্থিতি কেতিয়া ভাল হ’ব, তাকে লৈ সকলোৱে অপেক্ষাত। যদিও চিকিৎসকসকলে উল্লেখ কৰিছে যে ভৱিষ্যতৰ পিনে হতাশ হৈ চাই লাভ নাই। বৰং সাধাৰণ মানুহে আৰু বেছি প্ৰস্তুত থাকিব লাগিব। কিন্তু কেনেকৈ?

চিকিৎসকসকলে উল্লেখ কৰিছে যে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰিব লাগিব। গঢ়ি তুলিব লাগিব বেছি ইমিউনিটি। সংক্ৰামক প্ৰতিৰোধ তথা যিকোনো সংক্ৰামক ৰোগৰ সৈতে যুদ্ধ কৰাত সহায় কৰে ইমিউনিটিয়ে। সেইবাবে বহুতেই স্বাস্থ্যকৰ খাদ্য নিয়মিতভাৱে গ্ৰহণ কৰি আছে। নিয়মিতভাৱে শৰীৰচৰ্চা কৰি আছে। কিন্তু ৰোগ প্ৰতিৰোধ ক্ষমতাৰ আৰু অন্যান্য উপায়ো আছে। ইয়াৰে অন্যতম হ’ল মাছাজ।

মাছাজৰ ফলত শৰীৰ তথা মনত শান্তি ভাৱ আহে। কাৰণ এই সময়ত নাৰ্ভাছ ছিষ্টেমত বিশ্ৰাম লয় শৰীৰ। ফলত শৰীৰ কোনো অংশত বিষ অনুভৱ থাকিলে সেয়া ক্ৰমশঃ কমি যাবলৈ ধৰে। নাৰ্ভাছ ছিষ্টেম ৰিলেক্স থকাৰ বাবে শৰীৰ হৰমন উৎপাদনৰ হাৰ স্বাভাৱিকলৈ আহে। তাৰ লগে লগে কৰ্টিকোষ্টেৰয়েডৰ নিচিনা ষ্ট্ৰেচ হৰমনৰ নিঃসৰণ কমে লগতে এণ্ডৰফিনৰ উৎপাদন বাঢ়ে। এণ্ডৰফিনৰ প্ৰভাৱত মন ভাল থাকে, হাঁহি-ফূৰ্তি ভাৱ আহে জীৱনত। আৰু যদি কোনোৱাই ভিতৰি ভিতৰি ফূৰ্তিত থাকে তেন্তে ইউমিনিটি বাঢ়ে।

গৱেষণাত দেখা গৈছে যে মাছাজৰ ফলত শৰীৰত লিম্ফছাইটৰ সংখ্যা বাঢ়ে। যিয়ে ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়ায়। মাছাজৰ পৰিকল্পনাঃ থাকিলে অলপ খাদ্য খাব লাগে। পেট ভৰাই খাদ্য খাই মাছাজ কৰিলে বিপদ হ’ব পাৰে বুলি বিশেষজ্ঞ জনাইছে।

Post a Comment

0 Comments