জন্মদিনৰ দিনাই যতীন বৰাই দিলে অনুৰাগীসকলক বিশেষ সংবাদ ... কি ক'লে মৰমৰ অভিনেতাগৰাকীয়ে ?


 আজি অসমৰ ছবিজগতৰ জনপ্ৰিয় অভিনেতা যতীন বৰাৰ আজি ওপজা দিন। ওপজা দিনটোত এক বিশেষ ঘোষণা কৰিলে মৰমৰ অভিনেতাগৰাকীয়ে।

পুনৰ আহি আছে যতীন বৰাৰ এখন নতুন চিনেমা। JB প্ৰডাকচনৰ বেনাৰত এইখন হ'ব দ্বিতীয়খন ছবি। তেওঁলোকৰ প্ৰথমখন চিনেমা আছিল ৰত্নাকৰ। ৰত্নাকৰে ব্যৱসায়িক দিশত বিশেষ সফলতা লাভ কৰিছিল। নতুন চিনেমাখনৰ নামৰ কথাও অৱগত কৰিলে অভিনেতাগৰাকীয়ে।  চিনেমাখনৰ নাম হৈছে ৰাঘৱ।

লগতে অভিনেতাগৰাকীয়ে জন্মদিনৰ শুভেচ্ছা জ্ঞাপন কৰা প্ৰতিগৰাকী ব্যক্তিকে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰে।

Post a Comment

1 Comments