কলিয়াবৰত দিন-দুপৰতে জনাঞ্চলত বিচৰণ বন্যহস্তীৰ এটা জাকৰ। গাঁৱৰ মাজত বন্যহস্তীৰ জাক দেখি আতংকই বিৰাজ কৰিছে কলিয়াবৰৰ কেইবাখনো গাঁৱত। কলঙৰ পাৰে পাৰে ঘূৰে পোৱালিসহ ৪-৫টা বন্যহস্তীৰ জাকটোৱে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা খাদ্যৰ সন্ধানত বিগত দুদিন ধৰি কলিয়াবৰৰ জনাঞ্চলত অৱস্থান কৰিছে এই বন্যহস্তীৰ জাকটোৱে। বৃহস্পতিবাৰে দিন দুপৰতে কলিয়াবৰৰ ধনেখোৱা, বৰভগীয়া, মিলন নগৰ, উলূৱনিত বন্যহস্তীৰ জাকটোৰ বিচৰণত আতংকিত হৈ পৰে গঞা। উলূৱনিত স্কুটীত আৰোহীলৈ চোঁচা লয় এটা বন্যহস্তীয়ে। বন্যহস্তীয়ে ভাঙি ক্ষতি কৰে এজনৰ বাসগৃহৰো। বৃহস্পতিবাৰে পুৱাৰে পৰা বিয়লিলৈকে …
এখন ছেলফিয়েই কাল হ'ল এটা চোৰৰ বাবে। প্ৰথমে ছেলফি আৰু তাৰ পিছত চুৰি। যোৰহাটত সংঘটিত হৈছে এই আমোদজনক ঘটনা। ছেলফি চাই এতিয়া চোৰৰ সন্ধানত নামি পৰিছে ভুক্তভোগী ব্যৱসায়ী। যোৰহাটত এতিয়া চৰ্চা চলিছে এই এটা চোৰ, এটা মোবাইল আৰু এখন ছেলফিক লৈ। ঘটনা অনুসৰি, বুধবাৰে যোৰহাটৰ জেবি ৰোডৰ জে কে বেগ হাউছ নামৰ ব্যৱসায়িক প্ৰতিষ্ঠানটোত উপস্থিত হয়হি এজন গ্ৰাহক। গ্ৰাহকজনে ক্ৰয় কৰে এটা বেগ। কিন্তু ইয়াৰ পিছত গ্ৰাহকজন পুনৰ আহে দোকানখনলৈ। পুৱাৰ প্ৰথম গ্ৰাহকগৰাকীক ভগৱান জ্ঞান কৰি দোকানৰ গৰাকীজনে গ্ৰাহকজনক চাহ মিঠাইৰে আপ্যায়নো কৰে। কিন্তু গ্ৰাহকৰ বেশত অ…
বহুতেই তেওঁক চিনি পায়। বিশেষকৈ ছচিয়েল মিডিয়াত যিসকলে সময় কটায়। কথা নোকোৱাকৈয়ে ভিডিঅ’ কৰে তেওঁ। তাতেই হিট টিকটকাৰ খাবি লেম। লাইফ হেকছ’ৰ ভিডিঅ’ কৰে তেওঁ। কিন্তু কোনো ভিডিঅ’তে কথা নকয় ছেনেগালৰ খাবি লেমে। কথা নক’লেই যেন তেওঁক দেখিবলৈ বেছি ভাল লা কেৱল মুখৰ ভংগীমাৰেই যেন বহু কথা বুজাই দিয়ে খাবিয়ে। সহজ কাম কিদৰে জটিল কৰা হয় আৰু সেই জটিলতাই মনত কিমান বিৰক্তি আৰু মজাৰ উদ্ৰেক কৰে সেয়া মুখত ফুটাই তোলে তেওঁ। মানুহক হঁহুৱালেও তেওঁৰ ব্যক্তিগত জীৱন কিন্তু সমস্যাৰে ভৰপূৰ। সৰুৰে পৰা ডিছলেক্সিয়া ৰোগত আক্ৰান্ত খাবি। পঢ়া–শুনা শেষ কৰিব নোৱাৰিলে। তেওঁৰ পৰি…
কিয় ওলোটাকৈ লিখা থাকে ‘এম্বুলেঞ্চ’ শব্দটো? আপুনি নিশ্চয় লক্ষ্য কৰিছে, এম্বুলেঞ্চৰ সন্মুখত ইংৰাজী আখৰত ‘এম্বুলেঞ্চ’ শব্দটো লিখা থাকে, কিন্তু আখৰবোৰ ওলোটাকৈ লিখা থাকে। ইয়াৰ কাৰণ কি? আমি যেতিয়া আইনাত কোনো বস্তুৰ প্ৰতিবিম্ব দেখো, তেতিয়া তাক আনুভূমিকভাৱে ওলোটা দেখো। গাড়ীৰ সন্মুখত যি লুকিং গ্লাছ থাকে তাত চালকে পিছফালে থকা গাড়ীৰ অৱস্থান দেখা পায়। এইবাৰ প্ৰশ্ন আহিব পাৰে, এম্বুলেঞ্চৰ বাবেতো নিৰ্ধাৰিত ছাইৰেন আছে, যাৰ জৰিয়তে সহজতে বুজা যায় এম্বুলেঞ্চ আহিছে বুলি, তেন্তে লিখাৰ প্ৰয়োজন কি? আচলতে, এম্বুলেঞ্চৰ জৰুৰী অৱস্থান বুজাবলৈ শ্ৰমণ আৰু দৃ…
মালয়ালম অভিনেতা বিজয় বাবুক গ্ৰেপ্তাৰ (Actor Vijay Babu Arrested) কৰা হৈছে। অভিনেতাগৰাকীৰ বিৰুদ্ধে যৌন নিৰ্যাতন আৰু ধৰ্ষণৰ অভিযোগ উত্থাপন হৈছিল। সোমবাৰে কোচি আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰিছে। বিজয় বাবুৰ বিৰুদ্ধে ২২ এপ্ৰিলত ধৰ্ষণৰ অভিযোগ (Sexual Assault Case)ত গোচৰ ৰুজু কৰা হৈছিল। দ্য ইণ্ডিয়ান এক্সপ্ৰেছৰ বাতৰি অনুসৰি কোচিৰ উপ-চিটি আৰক্ষী আয়ুক্ত ইউ ভি কুৰিয়াকোছে প্ৰকাশ কৰে যে বিজয় বাবু (Vijay Babu)ৰ গ্ৰেপ্তাৰৰ ৰেকৰ্ড কৰা হৈছে। প্ৰমাণ সংগ্ৰহৰ অংশ হিচাপে বিজয়ক ধৰ্ষণৰ অভিযোগ উত্থাপন হোৱা ঠাইলৈ লৈ যোৱা হ’ব বুলি জানিব পৰা গৈছে। প্ৰতি…
Social Plugin