অখিল গগৈ আম আদমি পাৰ্টীত যোগদানৰ বিষয়টো ভিত্তিহীন, ক’লে কমল মেধীয়ে


 অখিল গগৈ আম আদমি পাৰ্টীত যোগদানৰ বিষয়টো ভিত্তিহীন। এইটো সম্পূৰ্ণ উদ্দেশ্য প্ৰণোদিত। অখিল গগৈৰ সৈতে কোনো ধৰণৰ যোগাযোগ হোৱা নাই। ৰাজ্যিক পৰ্যায়টো হোৱা নাই ৰাষ্ট্ৰীয় পৰ্যায়টো হোৱা নাই। এই মন্তব্য কমল কুমাৰ মেধীৰ।

মেধীয়ে কয়, এইটো পি পি ই কিটৰ ইচ্ছ্যু তল পেলাবলৈ উদ্দেশ্য প্ৰণোদিতভাৱে কৰা হৈছে। বিষয়টোৰ পৰা জনসাধাৰণৰ মনোযোগ আঁতৰাবলৈ ভুল উৎসৰ পৰা খবৰটো বিয়পিছে। কোনো ধৰণৰ সম্ভাৱনাই নাই অখিল গগৈৰ যোগদানৰ। তেওঁক কোনেও আমন্ত্ৰণে কৰা নাই।


‘‘আম আদমি পাৰ্টীত যোগ দিবলৈ চাৰিটা C পাছ কৰিব লাগিব। Communal, Criminal আৰু Corrupted হ'ব নোৱাৰিব। Character ভাল হ'ব লাগিব।’’ – ক’লে কমল মেধীয়ে।

Post a Comment

0 Comments