মূল্যবৃদ্ধিৰ বিৰুদ্ধে ৰাইজৰ দল, কৃষক মুক্তিৰ প্ৰতিবাদত উত্তাল শিৱসাগৰ


 অত্যাৱশ্যকীয় খাদ্যসামগ্ৰী, জীৱনদায়িনী ঔষধ, পেট্ৰ'ল-ডিজেলকে ধৰি প্ৰায় সকলো সামগ্ৰীৰে অত্যধিক মূল্যবৃদ্ধিত জুৰুলা হৈছে জনতা।

ইয়াৰ পৰিপ্ৰেক্ষিততমূল্যবৃদ্ধিৰ বিৰুদ্ধে আজি শিৱসাগৰত ৰাইজৰ দল, কৃষক মুক্তি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে শিৱসাগৰ চহৰত উলিয়ায় বিশাল সমদল (Protest in Sivasagar)। ৰাইজৰ দলৰ দুই শতাধিক কৰ্মী তথা বিষয়ববীয়াই মূল্যবৃদ্ধি ৰোধ কৰক, যোগান বিভাগ হায় হায় আদি শ্লোগান দি উত্তাল কৰে  চহৰৰ ৰাজপথ।

শিৱসাগৰ টাই বিকাশ সাংস্কৃতিক কেন্দ্ৰৰ পৰা ষ্টেচন চাৰিআলি  হৈ সমদল উলিয়াই থকাৰ সময়তে আৰক্ষীয়ে বাধা প্ৰদান কৰাত উত্তপ্ত হৈ পৰে পৰিস্থিতি। প্ৰতিবাদকাৰী আৰু আৰক্ষীৰ মাজত তীব্ৰ বাক্ বিতণ্ডাৰো  সৃষ্টি হয় ।

পৰিৱেশ অধিক উত্তপ্ত হৈ পৰাত সমদলটো জিলা উপায়ুক্ত কাৰ্যালয়লৈকে যাবলৈ নিদি দৌলমুখ চাৰি আলিত আৰক্ষী, নিৰাপত্তাৰক্ষীয়ে বহু সময় ধৰি আবদ্ধ কৰি ৰাখে। মূল্যবৃদ্ধি ৰোধ নকৰিলে  ৰাজ্যজুৰি আন্দোলন গঢ়ি তুলিব বুলি হুংকাৰ দিয়াৰ লগতে মন্ত্ৰী আৰু শাসকীয় দলৰ বিধায়কে মূল্যবৃদ্ধিক লৈ কৰা টুলুঙা মন্তব্য সহ্য কৰা নহ'ব বুলি স্পষ্ট কৰি দিয়ে ৰাইজৰ দলৰ (Raijor Dal) কেন্দ্ৰীয় উপ-সভাপতি বেদান্ত লস্কৰে।

পিছত দৌলমুখ চাৰিআলিতে প্ৰতিবাদী সমদল সামৰে যদিও ৰাইজৰ দল, কৃষক মুক্তি (KMSS) আৰু ছাত্ৰ মুক্তিৰ প্ৰতিনিধিয়ে উপায়ুক্তক প্ৰদান কৰে স্মাৰক পত্ৰ।

Post a Comment

0 Comments