প্ৰাকৃতিক দুৰ্যোগৰ সময়ত Jioৰ প্ৰশংসনীয় পদক্ষেপ, উত্তৰ–পূবৰ চাৰি ৰাজ্যলৈ বিনামূলীয়া সেৱা


 প্ৰাকৃতিক দুৰ্যোগৰ সময়ত নিজৰ গ্ৰাহকৰ কাষত থিয় দিছে ৰিলায়েঞ্চ জিঅ’ই। জিঅ’ই সকাহৰ ব্যৱস্থা হিচাপে উত্তৰ-পূবৰ ধুমুহা, প্ৰচণ্ড বৰষুণ, বানপানী আৰু ভূমিস্খলনৰ দ্বাৰা আক্ৰান্ত অঞ্চলসমূহৰ গ্ৰাহকৰ বাবে বিনামূলীয়া সেৱা আগবঢ়াইছে।

ৰিলায়েন্স জিঅ’ই ঘোষণা কৰিছে বিনামূলীয়া চাৰিদিনীয়া আনলিমিটেড প্লেন। ইয়াৰ নেটৱৰ্কৰ ভিতৰত আনলিমিটেড ফ্ৰী কল আৰু প্ৰতিদিনে ১.৫ জিবি পৰ্যন্ত ডাটা সেৱাৰ লগতে আক্ৰান্ত উত্তৰ-পূবৰ ৰাজ্যসমূহৰ গ্ৰাহকসকলক চাৰিদিনৰ বাবে প্ৰতিদিনে ১০০টা এছএমএছৰ ব্যৱস্থা কৰা হৈছে।

মেঘালয়, মিজোৰাম, মণিপুৰ আৰু অৰুণাচল প্ৰদেশৰ গ্ৰাহকসকললৈ প্ৰেৰণ কৰা এক বাৰ্তাত জিঅ’ই কয়, ‘যোৱা কেইদিনমানৰ ভিতৰত প্ৰতিকূল বতৰৰ বাবে আপোনাৰ সেৱাত প্ৰভাৱ পৰিছিল। সদিচ্ছাৰ ইংগিত হিচাপে আমি আপোনালোকলৈ COMPLIMENTARY 4-DAY UNLIMITED PLAN আগবঢ়াইছো।’

জিঅ’ই এই দুৰ্যোগৰ সময়ত গ্ৰাহকৰ সৈতে দৃঢ়তাৰে থিয় দিছে। তেওঁলোকৰ আপোনজনৰ সৈতে যোগাযোগত থাকিবলৈ আৰু সংযোগত থাকিবলৈ সহায় কৰিবলৈ Jioই এটা বিনামূলীয়া ৪ দিনৰ আনলিমিটেড ভইচ এণ্ড ডাটা পেক আৰু প্ৰতিদিনে ১০০ smsৰ সুবিধা প্ৰদান কৰিছে।

বহু অঞ্চলত অব্যাহত থকা বৰষুণৰ ফলত পৰিস্থিতি আৰু অধিক অৱনতি ঘটিব পাৰে। কিছুমান অঞ্চলত নেটৱৰ্ক কাটি পেলোৱা হয় আৰু গ্ৰাহকৰ সৈতে যোগাযোগ কৰিব পৰা নাযায়, আনহাতে আন কিছুমান ক্ষেত্ৰত গ্ৰাহকে ৰিচাৰ্জ কৰিব নোৱাৰে।

Post a Comment

0 Comments