গোৱালপাৰা জিলাত জাৰি সতৰ্কবাণী ! মোবাইলে মোবাইলে আহিল এটা বিশেষ SMS ...


 অসমত বানপানীয়ে কন্দুৱাইছে ৰাইজক। ৰুষ্ট প্ৰকৃতি যেন শান্ত হোৱাৰ নামেই লোৱা নাই। চাৰিওফালে কেৱল জলপ্ৰলয় ৷ প্ৰথমে ডিমা হাচাও তাৰ পিচতে ক্ৰমে উজনি আৰু নামনি অসমৰ মুঠ ২৯ খন জিলাত বানপানীৰ সংহাৰী ৰূপ দেখিবলৈ পোৱা গৈছে ৷

ডিমা হাচাওত প্ৰকৃতিয়ে ধ্বংসলীলা চলোৱা দৃশ্য আমি সকলোৱে প্ৰত্যক্ষ কৰিছোঁ ৷ তাৰ সমান্তৰালভাৱে গহপুৰ, নগাঁৱকে ধৰি ৰাজ্যৰ ২৯ খন জিলাৰ জনসাধাৰণে জেঠ মহীয়া বানত ক’কবকাই আছে ৷ বৰাক উপত্যকাটো বানে কন্দুৱাইছে প্ৰতিগৰাকী বৰাকবাসীক। বৰাকত ইতিমধ্যে কঠোৰ হৈছে প্ৰশাসন। জাৰি কৰিছে সতৰ্কবাণী ৷ ইয়াৰ মাজতে আজি কিছু সময় পূৰ্বে গোৱালপাৰা জিলাক লৈ বতৰ বিজ্ঞান কেন্দ্ৰই এচ, এম, এচ, (SMS) আন এক সতৰ্কবাণী প্ৰেৰণ কৰিছে জিলাখনৰ প্ৰতিগৰাকী লোকৰ মোবাইললৈ ৷ লিখিছে- “ IMD\, RMC\, has issued heavy rainfall forecast over Goalpara district of Assam in the next 24 hours.. ASDMA ” অৰ্থাৎ গোৱালপাৰা জিলাত আগন্তুক ২৪ ঘন্টাত প্ৰৱল বৃষ্টিপাতৰ আগজাননীৰ সতৰ্কবাণী জাৰি কৰিছে কৰিছে ভাৰতীয় বতৰ বিজ্ঞানী বিভাগৰ গুৱাহাটীৰ বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই ৷ জিলাখনৰ প্ৰতিগৰাকী লোকলৈ S M S যোগে বাৰ্তা প্ৰেৰণ কৰি এই সতৰ্কবাণী জাৰি কৰিছে ৷ এই S M S পাই এতিয়া জিলাখনৰ জনসাধাৰণ আতংকিত হোৱা দেখা গৈছে ৷ ইফালে গোৱালপাৰা তথা অসমৰ সমান্তৰালভাৱে মেঘালয়তো হৈ থকা বৰষুণে শংকা কঢ়িয়াই আনিছে জিলাখনলৈ। ইয়াৰ পূৰ্বেও ক্ৰমে ২০০৪ আৰু ২০১৪ চনত মেঘালয়ৰ পৰা নামি অহা প্ৰলয়ংকৰী ঢলে নিমিষতে ধ্বংস কৰি গৈছিল গোৱালপাৰা জিলাৰ প্ৰায় ৬০ শতাংশ এলেকা, প্ৰাণ হেৰুৱাইছিল বহুজনে। সেই দুৰ্যোগ এতিয়াও পাহৰা নাই জিলাখনৰ লোকসকলে, যাৰ বাবে আজি অহা SMS টোৱে আতংকিত কৰিছে গোৱালপাৰাৰ প্ৰতিগৰাকী লোকক ৷

Post a Comment

0 Comments