বটদ্ৰৱাত প্ৰশাসনৰ উচ্ছেদ অভিযান, শালনীবাৰী আৰু হাইডুবিত কেইবাটাও ঘৰ উচ্ছেদ

 


বটদ্ৰৱাত প্ৰশাসনৰ উচ্ছেদ অভিযান। শনিবাৰে সংঘটিত হোৱা হিংসাত্মক ঘটনাৰ পিছতে প্ৰশাসনে আজি পুৱাৰে পৰা আৰম্ভ কৰিচে উচ্ছেদ অভিযান। শালনীবাৰীৰ কেইবাটাও ঘৰ উচ্ছেদ কৰে প্ৰশাসনে। এক্সকেভেটৰ লগাই প্ৰশাসনে চলালে উচ্ছেদ।

আনহাতে, শালনীবাৰীৰ পিছত হাইডুবিতো চলিল উচ্ছেদ অভিযান। দুটাকৈ ঘৰ উচ্ছেদ কৰিলে প্ৰশাসনে।

উল্লেখযোগ্য যে শনিবাৰে এদল উন্মত্ত লোকে জ্বলাই দিছিল বটদ্ৰৱা থানা, আক্ৰমণ কৰিছিল আৰক্ষীক। এই ঘটনা সন্দৰ্ভত এতিয়ালৈ মহিলাসহ ২১জনক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।

Post a Comment

0 Comments