যোৰহাটত ফ্লেট ক্ৰয় কৰোতে সাৱধান! বিল্ডাৰৰ বিৰুদ্ধে প্ৰৱঞ্চনাৰ অভিযোগ তুলিছে বহু আৱাসীয়ে


 নিজৰ সপোনৰ ঘৰটো নগৰত ক্ৰয় কৰাৰ পূৰ্বে ভালদৰে চিন্তা কৰি লওক। যোৰহাটৰ দৰে নগৰত ফ্লেট ক্ৰয় কৰাৰ পূৰ্বে ভালদৰে অনুসন্ধান কৰি লওক। অন্যথা বিপদত পৰিব পাৰে আপুনি। কাৰণ যোৰহাটত লাখ লাখ টকা ব্যয় কৰি ফ্লেট ক্ৰয় কৰাৰ পিছত কেইবাবছৰ ধৰি ফ্লেটৰ নিৰ্মাণ সম্পূৰ্ণ নকৰাৰ লগতে নিৰ্মাণ বিসংগতিৰ বাবে ভীষণ সমস্যাত পৰিছে ফ্লেটৰ বহু আবাসী। ধন পৰিশোধ কৰাৰ ৬–৭ বছৰ পিছতো বিল্ডাৰে নিৰ্মাণ সম্পূৰ্ণ কৰা নাই ফ্লেটসমূহৰ।

যোৰহাটত চলি থকা ফ্লেটৰ এনে এখন ৰমৰমীয়া বজাৰৰ কথা উদঙাই দিছে ফ্লেটৰ গ্ৰাহকসকলেই। সংশ্লিষ্ট কৰ্তৃপক্ষৰ দুৰ্বলতাৰ সুযোগ লৈ একাংশ বিল্ডাৰে গ্ৰাহকৰ পৰা লাখ লাখ টকা আদায় লোৱাৰ কেইবাবছৰ উকলি যোৱাৰ পিছতো সম্পূৰ্ণ কৰা নাই ফ্লেটৰ নিৰ্মাণকাৰ্য। ধন আদায় লোৱাৰ ৫–৬ বছৰ উকলি যোৱাৰ পিছত একাংশ লোকক বিল্ডাৰে প্ৰদান কৰিছে বিসংগতিৰে ভৰা অসম্পূৰ্ণ ফ্লেট।

শেহতীয়াকৈ এনে এক ঘটনা পোহৰলৈ আহিছে যোৰহাট নগৰৰ ন-আলিস্থিত ভৱলক্ষ্মী কনষ্ট্ৰাকচন প্ৰাইভেট লিমিটেডে নিৰ্মাণ কৰা ৰাজমহল এপাৰ্টমেণ্টত। ২০১৪–১৫ চনতে গৰিষ্ঠ সংখ্যাক লোকে ৯০–৯৫% ধন পৰিশোধ কৰি ফ্লেট ক্ৰয় কৰা এই এপাৰ্টমেণ্টটো ২০১৬ চনতে নিৰ্মাণ সম্পূৰ্ণ কৰি গ্ৰাহকক গতাই দিব লাগিছিল। কিন্তু প্ৰায় ৫ বছৰ পলমকৈ ২০২১ চনৰ পৰাহে বিল্ডাৰে ফ্লেটসমূহ গ্ৰাহকক দিয়াৰ ব্যৱস্থা কৰে বুলি জানিবলৈ দিছে আবাসীসকলে। কিন্তু ইয়াৰ পিছতো অসম্পূৰ্ণ হৈ আছে বিসংগতিপূৰ্ণভাৱে নিৰ্মাণ কৰা এই এপাৰ্টমেণ্টৰ ব্লককেইটা।

Post a Comment

0 Comments