শ্ৰেণীকোঠা এৰি প্ৰতিবাদত বহিল সন্দিকৈ মহাবিদ্যালয়ত ছাত্ৰী, নিলম্বিত প্ৰবক্তাৰ বিৰুদ্ধে জোৰদাৰ প্ৰতিবাদ

 


আজিৰ পৰা ডেৰ বছৰ পূৰ্বে সন্দিকৈ মহাবিদ্যালয় (Handique Girls College College)ৰ ৩গৰাকীকৈ ছাএীয়ে যৌন নিযাতন (Molestation)ৰ অভিযোগ আনিছিল মহাবিদ্যালয়খনৰ কম্পিউটাৰ বিভাগৰ প্ৰবক্তা মানস গগৈৰ বিৰুদ্ধে ৷ প্ৰবক্তাগৰাকীয়ে ছাএীকেইগৰাকীলৈ দিয়া অশ্লীল হোৱাটছএপ মেছেজ ভাইৰেল (Viral WhatsApp Message) হৈছিল সেই সময়ত ৷

ছাএীকেইগৰাকীৰ অভিযোগৰ পিছতে প্ৰবক্তাগৰাকীক তাৎক্ষণিকভাবে নিলম্বন কৰি ৩মাহৰ ভিতৰত তদন্ত সমিতিয়ে প্ৰতিবেদন দাখিল কৰাৰ কথা ঘোষণা কৰিছিল মহাবিদ্যলয়খনৰ কৰ্তৃপক্ষই ৷ কিন্ত প্ৰায় ডেৰটা বছৰ পিছত হঠাৎ পুনৰ মানস গগৈয়ে মহাবিদ্যলয়খনত যোগদান কৰাৰ খবৰ ওলোৱা লগে লগে জাঙুৰ খাই উঠিল মহাবিদ্যালয়খনৰ ছাএীসকল ৷

প্ৰবক্তা মানস গগৈক স্থায়ীভাৱে নিলম্বনৰ দাবীৰে সোমবাৰে পুৱা হাতে হাতে প্লেকাৰ্ড লৈ একাংশ ছাএীয়ে সাব্যস্ত কৰে প্ৰতিবাদ (Girl Students Protest) ৷ ছাএীসকলৰ স্পষ্ট কথা - কোনোপধ্যে পুনৰ যোগদান কৰিব দিয়া নহ'ব প্ৰবক্তা মানস গগৈক ৷ প্ৰয়োজনত আইনী প্ৰক্ৰিয়া গ্ৰহণ কৰিবলৈয়ো সাজু মহাবিদ্যালয়খনৰ প্ৰতিবাদী ছাএীসকল ৷

ইপিনে প্ৰবক্তা মানস গগৈৰ মহাবিদ্যালয়খনত পুনৰ যোগদানৰ কথা কোনো প্ৰকাৰে জ্ঞাত নহয় বুলি কলে মহাবিদ্যালয়খনৰ উপাধ্যক্ষগৰাকীয়ে ৷ দীৰ্ঘ সময় প্ৰতিবাদৰ অন্তত ছাএীসকলে প্ৰবক্তা মানস গগৈৰ স্থায়ীভাৱে নিলম্বনৰ দাবী উত্থাপন কৰি মহাবিদ্যালয়খনৰ উপাধ্যক্ষৰ হাতত এখন পএও দাখিল কৰে ৷

Post a Comment

0 Comments