কংগ্ৰেছ ত্যাগ কৰিয়েই ৰিপুণ বৰাই যোগদান কৰিলে তৃণমূল কংগ্ৰেছত

 


পদত্যাগ কৰি জ্যেষ্ঠ নেতা তথা প্ৰাক্তন মন্ত্ৰী ৰিপুণ বৰাই যোগদান কৰিলে ৰিপুণ বৰাই। আজি বৰাই কংগ্ৰেছৰ পৰা পদত্যাগ কৰি ছোনিয়া গান্ধীলৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰে।

কংগ্ৰেছৰ পৰা পদত্যাগ কৰাৰ পিছতে বৰাই তৃণমূল কংগ্ৰেছত যোগদান কৰাৰ খবৰ পোৱা গৈছে। কলকাতাত উপস্থিত হোৱা বৰাই তৃণমূল কংগ্ৰেছত (TMC) যোগদান কৰে।

টিএমচিয়ে এটা টুইটত বৰাক আদৰণি জনায়। টুইটটোত উল্লেখ কৰে- "পঞ্চায়ত আৰু গ্ৰামোন্নয়নৰ প্ৰাক্তন মন্ত্ৰী শ্ৰী ৰিপুণ বৰাক, অসমৰ শিক্ষা মন্ত্ৰী, ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ তথা অসম প্ৰদেশ কংগ্ৰেছ সমিতিৰ প্ৰাক্তন সভাপতি শ্ৰীৰিপুণ বৰাক আদৰণি জনাই আনন্দিত। তেওঁ আজি  অভিষেক বেনাৰ্জীৰ উপস্থিতিত আমাৰ সৈতে যোগদান কৰে।'' 

Post a Comment

0 Comments