অৱশেষত অন্ত পৰিল জল্পনা-কল্পনাৰ! আজি গঠন হ'ব নগাঁও জিলাৰ ৰহা আৰু কামপুৰ পৌৰসভা, ৰহাত পৌৰপতি বিজেপিৰ, কামপুৰত অগপৰ


 প্ৰায় এমাহজোৰা প্ৰতীক্ষাৰ অন্তত আজি গঠন হ'ব নগাঁও জিলাৰ ৰহা পৌৰসভা আৰু কামপুৰ পৌৰসভা। ইতিমধ্যে ৰহা আৰু কামপুৰ পৌৰসভাৰ পৌৰপতি আৰু উপপৌৰপতি নিৰ্বাচিত কৰা হয় ৷

নগাঁও জিলা বিজেপি আৰু ৰাজ্যিক বিজেপিৰ সিদ্ধান্ত অনুসৰি ৰহা পৌৰসভাৰ পৌৰপতি হিচাপে বন্তি দাস আৰু উপ পৌৰপতি হিচাপে অনিমা দাসক নিৰ্বাচন কৰা হয় ৷ উল্লেখ্য যে, সদ্যসমাপ্ত পৌৰসভা নিৰ্বাচনত ১০টা ৱাৰ্ডৰে গঠিত ৰহা পৌৰসভাত বিজেপি আৰু অগপৰ  মিত্রজোঁটে ৮ টা ৱাৰ্ড দখল কৰে  ৷

Post a Comment

0 Comments