সোণাৰিত এনকাউণ্টাৰ, আৰক্ষীৰ গুলীত আহত সুৰজ গগৈ নামৰ এজন


 সোণাৰিত এনকাউণ্টাৰ। আৰক্ষীৰ গুলীত আহত সুৰজ গগৈ নামৰ এজন। শিৱসাগৰ জিলাৰ বেতবাৰী তামুলী বজাৰ চাংমাই গাঁৱত ঘৰ সুৰজৰ। আৰক্ষীৰ সূত্ৰে জানিব পৰা মতে, আলফা (স্বা)ত সদস্য ভৰ্তি অভিযানত জড়িত থকাৰ সন্দেহত বৃহস্পতিবাৰে আটক কৰা হৈছিল সুৰজ গগৈক। আছাম ৰাইফলছ আৰু আৰক্ষীৰ অভিযানত সোণাৰিৰ চেনীগুদাম অঞ্চলৰ পৰা আটক কৰা সুৰজ গগৈৰ বিৰুদ্ধে সোণাৰি থানাত ৪৭/২০২২ নম্বৰত এটা গোচৰ ৰুজু কৰি ভাৰতীয় দণ্ডবিধি আইনৰ 120/(B)/371 আৰু R/W section 18B(P)ৰ অধীনত সোধা–পোছা অব্যাহত ৰাখিছিল আৰক্ষীয়ে।

আনহাতে, নিশা সোণাৰি ৰজাপুখুৰীস্থিত চৰাইদেউ অসামৰিক চিকিৎসালয়ত স্বাস্থ্য পৰীক্ষা কৰি ঘূৰি আহোতে আন্ধাৰৰ সুযোগ লৈ আৰক্ষীৰ বেষ্টনীৰ পৰা পলায়ন কৰিবলৈ চেষ্টা কৰে ধৃত সুৰজ গগৈয়ে। ইয়াৰ পৰিপ্ৰেক্ষিতত আৰক্ষীয়ে গুলীচালনা কৰিবলৈ বাধ্য হয়। ধৃত লোকজনৰ বাও ভৰিত আৰক্ষীৰ গুলী লাগে। জানিব, পৰামতে পলায়ন কৰিবলৈ চেষ্টা কৰা লোকজনলৈ লক্ষ্য কৰি আৰক্ষীয়ে তিনি জাঁই গুলী নিক্ষেপ কৰে।

Post a Comment

1 Comments

  1. The Best Casino Games For Spades | DrmCMD
    Jackpot Party Casino: Get up to 100 free 원주 출장샵 spins on 고양 출장마사지 Spades. Casino. From Blackjack & 출장안마 roulette to video poker, players from all 전라남도 출장안마 across the 김천 출장샵 US can join!

    ReplyDelete