দুদিন পূৰ্বে ঘোষণা কৰা হয় কেন্দ্ৰীয় লোকসেৱা আয়োগৰ চূড়ান্ত ফলাফল। এইবাৰ পৰীক্ষাত প্ৰথম স্থান দখল কৰিছে শ্ৰুতি শৰ্মাই। শ্ৰুতি দিল্লীৰ জামিয়া মিলিয়া আৱাসিক কোচিং ইনষ্টিটিউটৰ ছাত্ৰী আছিল। ফলাফল ঘোষণাৰ পিছৰ পৰাই এই শৈক্ষিত প্ৰতিষ্ঠানখনো চৰ্চিত হৈ আছে। এইখন কোচিং ইনষ্টিটিউটত পঢ়াৰ সুযোগ কিদৰে লাভ কৰিব পাৰি? কোনসকল প্ৰাৰ্থীৰ বাবে এই সুবিধা প্ৰদান কৰে কোচিং ইনষ্টিটিউটখনে? জানি লওক... সংখ্যালঘু, অনুসূচীত জাতি, অনুসূচীত জনজাতি আৰু মহিলাৰ শিক্ষাৰ্থীসকলক অসামৰিক সেৱা আৰু অন্যান্য প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে বিনামূলীয়া আৱাসিক প্ৰশিক্ষণ প্ৰদান…
বৰ্তমান কণ্ঠশিল্পীগৰাকীৰ স্বাস্থ্য সুস্থিৰ বুলি জানিব পৰা গৈছে। জনপ্ৰিয় কণ্ঠশিল্পী জুবলী বৰুৱা অসুস্থ। ৫ দিন ধৰি চিকিৎসাধীন হৈ আছে কণ্ঠশিল্পীগৰাকী। মহানগৰীৰ হেল্থ চিটী হাস্পতালত চিকিৎসাধীন হৈ আছে জুবলী। কোভিডৰ পিছৰ জটিলতাৰ লগতে ভাইৰেল নিউমোনিয়াত আক্ৰান্ত হৈছে জুবলী। বৰ্তমান কণ্ঠশিল্পীগৰাকীৰ স্বাস্থ্য সুস্থিৰ বুলি জানিব পৰা গৈছে।
মঙলবাৰে সকলোকে কন্দুৱাই চিৰ বিদায় ল'লে বলীউদৰ জনপ্ৰিয় কণ্ঠশিল্পী KK-ই। পশ্চিমবংগৰ মঞ্চত গীত পৰিবেশন কৰি থকাৰ মাজতে অসুস্থ হৈ পৰে সংগীতশিল্পীগৰাকী। আৰু হাস্পতাললৈ নিয়া হৈছিল যদিও ডাক্তৰে মৃত্যু ঘোষণা কৰে। জানিব পৰা মতে, হঠাত্ হৃদযন্ত্ৰৰ ক্ৰীয়া বন্ধ হৈ মৃত্যুক আঁকোৱালি ললে কেকেই। হিন্দীৰ লগতে অন্যান্য বহু আঞ্চলিক ভাষাৰ গীতো গাইছিল জনপ্ৰিয় সংগীতশিল্পীগৰাকীয়ে। অসমীয়া গীততো কণ্ঠদান কৰিছিল কেকেই। অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী অনুপম শইকীয়াৰ মন নামৰ এলবামটোৰ জৰিয়তে প্ৰথমবাৰলৈ অসমীয়া গীতত কণ্ঠদান কৰিছিল কেকেই। এলবামটোৰ কেকেৰ কণ্ঠৰ 'কাজল তুম…
সম্পত্তিৰ পৰিমাণ ৮১৯ কোটি টকা। কিন্তু এই বৃহৎ সম্পত্তিৰ গৰাকী মাত্ৰ ৩০ লাখ টকাৰ বাবে সন্মুখীন আইনী ৰোষত। তেওঁ মহেন্দ্ৰ সিং ধোনীৰ বাহিৰে আন কোনো নহয়। অভিযোগকাৰী এছ কে এণ্টাৰপ্ৰাইজেছ নামৰ এটা কোম্পানীৰ চেক বাউন্স কৰাৰ বাবে বিহাৰৰ বেগুচৰাইত ধোনীকে ধৰি আঠজন ব্যক্তিৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা হৈছে (FIR registered against MS Dhoni)। ধোনী বিশ্বৰ দ্বিতীয় ধনী ক্ৰিকেটাৰ। তেওঁৰ মুঠ সম্পত্তিৰ মূল্য ৮১৯ কোটি টকাতকৈও অধিক। তেওঁ ২০২১ চনতো ৭৪.৪৯ কোটি টকা উপাৰ্জন কৰিছিল। বিভিন্ন সামগ্ৰীৰ বিজ্ঞাপনৰ পৰা তেওঁৰ বাৰ্ষিক উপাৰ্জন ৫০ কোটি টকাতকৈও অধিক। তেওঁৰ …
ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব'ৰ্ডৰ (BCCI) সভাপতি সৌৰভ গাংগুলীয়ে শীঘ্ৰেই পদত্যাগ কৰিব পাৰে সভাপতি পদৰ পৰা হঠাতে বুধবাৰে গাংগুলীয়ে প্ৰকাশ কৰা এটা বাৰ্তাৰ পৰা এনে সন্দেহ কৰা হৈছে। ক্ৰিকেটাৰ গাংগুলীয়ে এটা টুইট পোষ্ট কৰাৰ অলপ পিছতে এই চৰ্চা হয়। টুইটটোত কোৱা হৈছিল যে তেওঁ এটা নতুন "জীৱনৰ অধ্যায়" আৰম্ভ কৰাৰ পৰিকল্পনা কৰি আছে। গাংগুলীয়ে টুইট কৰি কয়, "মই কিবা এটা আৰম্ভ কৰাৰ পৰিকল্পনা কৰি আছোঁ যিটোৱে সম্ভৱতঃ বহু লোকক সহায় কৰিব বুলি মই অনুভৱ কৰোঁ।" ক্ৰিকেট জীৱনৰ কথা উল্লেখ কৰি উঠি তেওঁ প্ৰকাশ কৰা জীৱনৰ নতুন অধ্যায় কি …
বুধবাৰে প্ৰৱৰ্তন সঞ্চালকালয় (ED)ৰ দ্বাৰা এটা গুৰুত্বপূৰ্ণ পদক্ষেপ লোৱা হয়। ইডিয়ে নেচনেল হেৰাল্ড গোচৰত কংগ্ৰেছ অধ্যক্ষ ছোনিয়া গান্ধী আৰু ৰাহুল গান্ধীলৈ চমন প্ৰেৰণ কৰিছে। কংগ্ৰেছ নেতা অভিষেক মনু সিংভিয়ে কয়– ''প্ৰতিশোধৰ ভাৱনাত চৰকাৰ অন্ধ হৈ পৰিছে। এইটো আমাক ভয় খুৱাবলৈ কৰা হৈছে, কিন্তু আমি ভয় নকৰোঁ।'' কংগ্ৰেছ নেতা অভিষেক মনু সিংভি আৰু ৰণদীপ সুৰজেৱালাই এখন সংবাদমেলত কৈছিল যে ইডিয়ে ৮ জুনত ছোনিয়া গান্ধীক সোধা-পোছাৰ বাবে মাতি পঠিয়াইছে। প্ৰৱৰ্তন সঞ্চালকালয়ৰ বিষয়াসকলে কয় যে ছোনিয়া গান্ধী (Sonia Gandhi) আৰু ৰাহুল গান…
অনুৰাগীক কন্দুৱাই চিৰদিনৰ বাবে বিদায় ল'লে জনপ্ৰিয় কণ্ঠশিল্পী KK-ই । কলকাতাত অনুষ্ঠান পৰিৱেশন কৰাৰ পিছতে কৰুণ মৃত্যুক সাৱটি লয় KK-ই।। বলীউদৰৰ জনপ্ৰিয় কণ্ঠশিল্পী কে কেৰ আকস্মিক মৃত্যুৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে জুবিন গাৰ্গে। কণ্ঠশিল্পীগৰাকীৰ আকস্মিক মৃত্যুত গভীৰ শোক প্ৰকাশ জুবিনৰ। কণ্ঠশিল্পী কেকেৰ সৈতে বহু সোণালী স্মৃতিৰ কথা মনত পেলাই আৱেগিক হৈ পৰিল জুবিন। জুবিন গাৰ্গে কয় যে, 'kk মোৰ পুৰণি, ভাল বন্ধু আছিল। একেলগে গীত গোৱাৰ কথা আছিল। কিছু সময় আৰু যোগাযোগৰ অভাৱত কেকেৰ সৈতে গীত গোৱা নহ'ল। মোৰ অসুখত লকডাউনৰ পূৰ্বে শেষবাৰৰ…
Social Plugin