জুবিন গাৰ্গে, KKৰ সৈতে এটি নতুন গীতৰো পৰিকল্পনা কৰিছিল জুবিনে...
-
June 01, 2022
- অনুৰাগীক কন্দুৱাই চিৰদিনৰ বাবে বিদায় ল'লে জনপ্ৰিয় কণ্ঠশিল্পী KK-ই ।
- কলকাতাত অনুষ্ঠান পৰিৱেশন কৰাৰ পিছতে কৰুণ মৃত্যুক সাৱটি লয় KK-ই।।
- বলীউদৰৰ জনপ্ৰিয় কণ্ঠশিল্পী কে কেৰ আকস্মিক মৃত্যুৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে জুবিন গাৰ্গে।
- কণ্ঠশিল্পীগৰাকীৰ আকস্মিক মৃত্যুত গভীৰ শোক প্ৰকাশ জুবিনৰ।
কণ্ঠশিল্পী কেকেৰ সৈতে বহু সোণালী স্মৃতিৰ কথা মনত পেলাই আৱেগিক হৈ পৰিল
জুবিন। জুবিন গাৰ্গে কয় যে, 'kk মোৰ পুৰণি, ভাল বন্ধু আছিল। একেলগে গীত
গোৱাৰ কথা আছিল। কিছু সময় আৰু যোগাযোগৰ অভাৱত কেকেৰ সৈতে গীত গোৱা নহ'ল।
মোৰ অসুখত লকডাউনৰ পূৰ্বে শেষবাৰৰ বাবে মুম্বাইত লগ পাইছিলো।'
0 Comments