Petrol Diesel Prices Today: চৰকাৰী পেট্ৰ’ল–ডিজেলৰ ওপৰত থকা আবকাৰী শুল্ক ৫ টকা আৰু ১০ টকা প্ৰতিলিটাৰত হ্ৰাস কৰাৰ পিছৰে পৰা দেশৰ কেইবাখনো চহৰত পেট্ৰ’লৰ দাম ১০০ টকা প্ৰতি লিটাৰৰ তললৈ আহিছে। ২০২১ চনৰ ৪ নৱেম্বৰত এই শুল্ক হ্ৰাস কৰিছিল চৰকাৰে। ইয়াৰ পিছৰে পৰা পেট্ৰ’ল–ডিজেলৰ দামৰ কোনো ধৰণৰ সালসলনি হোৱা নাই। ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীত আজি অৰ্থাৎ শুকুৰবাৰে পেট্ৰ’ল ৯৫.৪১ টকা প্ৰতিলিটাৰ আৰু ডিজেল ৮৬.৬৭ টকা প্ৰতিলিটাৰ হৈ আছে। আহক চাওঁ দেশৰ কেইখনমান প্ৰধান চহৰত আজিৰ পেট্ৰ’ল–ডিজেলৰ দাম। – দিল্লীত পেট্ৰ’ল ৯৫.৪১ টকা আৰু ডিজেল ৮৬.৬৭ টকা প্ৰতিলিটাৰ। – মুম্…
কোটিপতি মুকেশ আম্বানি (Mukesh Ambani) নেতৃত্বাধীন ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজ লিমিটেড (RIL) আৰু শক্তি ক্ষেত্ৰৰ বিপিৰ এক যুটীয়া উদ্যোগে ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীত দেশৰ অন্যতম বৃহৎ বৈদ্যুতিক বাহন চাৰ্জিং হাব (EV Charging Hub)) মুকলি কৰিছে। দুয়োটা কোম্পানীয়ে বুধবাৰে এক যুটীয়া বিবৃতিত এই কথা জানিবলৈ দিয়ে। Jio-BPয়ে দিল্লীৰ দ্বাৰকাত দেশৰ সৰ্ববৃহৎ ইভি (EV) চাৰ্জিং হাব মুকলি কৰিছে। ৰিলায়েন্স বিপি মোবিলিটি লিমিটেডে (RBML) যোৱা বছৰ অক্টোবৰত মুম্বাইত ইয়াৰ প্ৰথম জিঅ'-বিপি ব্ৰেণ্ডেড মোবিলিটি ষ্টেচন মুকলি কৰিছিল আৰু তেতিয়াৰ পৰা ই নেটৱৰ্কটো …
গণৰাজ্য দিৱসৰ প্ৰাকমুহূৰ্তত কাশ্মীৰৰ লাল চ'কক ত্ৰিৰংগাৰ পোহৰেৰে সজোৱা হৈছিল। কিন্তু আপুনি জানেনে যে কাশ্মীৰত এটা সময় আছিল যেতিয়া লাল চ'কত দেশৰ ত্ৰিৰংগা উত্তোলন কৰাটো কঠিন আছিল? সন্ত্ৰাসবাদীসকলে ইয়াত ত্ৰিৰংগা উত্তোলন কৰাসকলক হত্যা কৰাৰ ভাবুকি দি আহিছিল। এনে পৰিস্থিতিত, প্ৰধানমন্ত্ৰী মোদীৰ এটা পুৰণি ভিডিঅ' ক্লিপ টুইটাৰত শ্বেয়াৰ কৰা হৈছে আৰু তেওঁক ধন্যবাদ জনোৱা হৈছে, যি বিপুল জনপ্ৰিয়তা লাভ কৰে দিনটোত। ১৯৯২ চনৰ এটা চমু ভিডিঅ' ক্লিপত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক (PM Narendra Modi) সন্ত্ৰাসবাদীৰ ভাবুকি সত্ত্বেও লাল চ'…
জীয়ৰী অধিক সময় মোবাইল ফোনতে ব্যস্ত থাকে। দোষ এইটোৱেই। আৰু তাৰ শাস্তি হিচাপে পোন্ধৰ বছৰীয়া কন্যাক উপৰ্যুপৰী ধৰ্ষণ কৰিলে পিতৃয়ে। এই ভয়ংকৰ ঘটনাটো সংঘটিত হৈছে বিশাখাপট্টনমত।৪২ বছৰ বয়সৰ এই অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।আৰক্ষীয়ে জনাইছে যে, কন্যাই বহুসময় ধৰি ব্যস্ত থাকিছিল ফোনত। যি একেবাৰে পছন্দ হোৱা নাছিল অভিযুক্ত পিতৃৰ। পিতৃৰ এই শাৰীৰিক তথা মানসিক নিৰ্যাতন সহ্য কৰিব নোৱাৰি শেষ পৰ্যন্ত নিজৰ শিক্ষকক সমগ্ৰ ঘটনাটোৰ বিষয়ে জনাই ছাত্ৰীগৰাকীয়ে।ইয়াৰ পিছত অভিযুক্ত দেউতাকক স্কুললৈ মাতি পঠিয়াই শিক্ষকে। তেতিয়া অভিযুক্তই ক্ষমাও বিচাৰে। কিন্তু তাৰ প…
গাড়ীত উঠি দীঘলীয়া ভ্ৰমণ কৰিব বহুতে নোৱাৰে। ক'ৰবালৈ ফুৰিবলৈ যাওতে গাড়ীত প্ৰায়ে তেনেকুৱা এজনক লগ পোৱা যায়, যাৰ গাড়ীত উঠিলে বমি হয় বা শৰীৰ দুৰ্বল হৈ পৰে। ভ্ৰমণৰ সময়ত বমি হোৱা বা বমি বমি লগা ৰোগক Motion Sickness Symptoms বুলিও কোৱা হয়। বিশেষজ্ঞই কোৱা মতে, ভয়ে ভয়ে ভ্ৰমণ কৰিলেও এনে ধৰণৰ সমস্যাই দেখা দিয়ে।সাধাৰণতে এনেধৰণৰ সমস্যাৰ পৰা ৰক্ষা পাবলৈ কিছুমান ঘৰুৱা উপায় অৱলম্বন কৰিব পাৰিঃ এনেধৰণৰ সমস্যা থকিলে আপুনি লগত নেমু বা নেমুৰ পাত ৰাখিব পাৰে। আমি বমি বমি ভাব আহিলে নেমু খোৱাৰ লগতে নেমুৰ পাতৰ গোন্ধ ল'লে কিছু পৰিমাণে হ'লেও এই সমস…
মাতৃ হ'ল প্ৰিয়ংকা চোপ্ৰা (Priyanka Chopra)। সেয়ে প্ৰিয়ংকা চোপ্ৰা আৰু স্বামী নিক (Nick Jonas) জোনাছলৈ শুভেচ্ছা জ্ঞাপন কৰি বলীউদৰ মোহময়ী অভিনেত্ৰী অনুষ্কা শৰ্মাৰ (Anushka Sharma) বাৰ্তা "অতুলনীয় আনন্দ আৰু মৰমৰে ভৰা নিদ্ৰাহীন নিশাবোৰলৈ দুয়ো সাঁজু হোৱা। কণমানিটিলৈ অযুত মৰম।" নিজৰ ইনষ্টাগ্ৰাম পেজত এইদৰেই শুভেচ্ছা বাৰ্তা প্ৰেৰণ কৰিলে মোহময়ী অভিনেত্ৰী অনুষ্কা শৰ্মাই। ইয়াৰ পূৰ্বেও বলীউদৰ বহু অভিনেতা-অভিনেত্ৰীয়ে সামাজিক মাধ্যমযোগে প্ৰিয়ংকা চোপ্ৰা আৰু নিক জোনছক শুভেচ্ছা প্ৰেৰণ কৰিছে। ৪ দিন পূৰ্বে প্ৰিয়ংকাই ছেৰ’গেচীৰ মাধ্যেমেৰে মাত…
চলচ্চিত্ৰ নিৰ্মাতা সুনীল দৰ্শনে গুগলৰ মুখ্য কাৰ্যবাহী বিষয়া সুন্দৰ পিচাই, গুগল আৰু ইয়াৰ কেইজনমান বিষয়াৰ বিৰুদ্ধে ইউটিউবত তেওঁৰ ছবি 'এক হাছিনা থি এক দিৱানা থা'ৰ কপিৰাইট উলংঘন (Copyright Infringement)কৰাৰ বাবে এজাহাৰ দাখিল কৰিছে, য'ত তেওঁ অভিযোগ কৰিছে যে তেওঁৰ একচেটিয়া সমল ইউটিউবত বহুতো ব্যৱহাৰকাৰীয়ে ব্যৱহাৰ কৰি আছে, যাৰ ফলত তেওঁ বৃহৎ লোকচানৰ সন্মুখীন হৈছে। তেওঁ (filmmaker Suneel Darshan) এজাহাৰত গুগলৰ মুখ্য কাৰ্যবাহী বিষয়া সুন্দৰ পিচাই (Google CEO Sundar Pichai) আৰু কোম্পানীটোৰ আন পাঁচজন কৰ্মচাৰীৰ নামো উল্লেখ কৰিছে। আ…
Social Plugin