প্ৰিয়ংকাক শুভেচ্ছা অনুষ্কাৰ – ‘নিদ্ৰাহীন ৰাতি, অতুলনীয় আনন্দ আৰু মৰমভৰা দিনবোৰৰ বাবে সাজু হোৱা’

 


মাতৃ হ'ল প্ৰিয়ংকা চোপ্ৰা (Priyanka Chopra)। সেয়ে প্ৰিয়ংকা চোপ্ৰা আৰু স্বামী নিক (Nick Jonas) জোনাছলৈ শুভেচ্ছা জ্ঞাপন কৰি বলীউদৰ মোহময়ী অভিনেত্ৰী অনুষ্কা শৰ্মাৰ (Anushka Sharma) বাৰ্তা "অতুলনীয় আনন্দ আৰু মৰমৰে ভৰা নিদ্ৰাহীন নিশাবোৰলৈ দুয়ো সাঁজু হোৱা। কণমানিটিলৈ অযুত মৰম।" নিজৰ ইনষ্টাগ্ৰাম পেজত এইদৰেই শুভেচ্ছা বাৰ্তা প্ৰেৰণ কৰিলে মোহময়ী অভিনেত্ৰী অনুষ্কা শৰ্মাই।

ইয়াৰ পূৰ্বেও বলীউদৰ বহু অভিনেতা-অভিনেত্ৰীয়ে সামাজিক মাধ্যমযোগে প্ৰিয়ংকা চোপ্ৰা আৰু নিক জোনছক শুভেচ্ছা প্ৰেৰণ কৰিছে। ৪ দিন পূৰ্বে প্ৰিয়ংকাই ছেৰ’গেচীৰ মাধ্যেমেৰে মাতৃ হোৱাৰ কথা সামাজিক মাধ্যমযোগে প্ৰকাশ কৰিছিল।

বিগত বছৰটোত অনুষ্কা শৰ্মায়ো এটি কন্যা সন্তান জন্ম দিছিল। সেই সময়তো প্ৰিয়ংকা চোপ্ৰাই অনুষ্কা শৰ্মা আৰু স্বামী বিৰাট কোহলীক সামাজিক মাধ্যমযোগে অভিনন্দন জনোৱাৰ কথা সংবাদ মাধ্যমত চৰ্চিত হৈছিল।

Post a Comment

0 Comments