পোৱা নাই বান সাহায্য, ৫ দিনৰ অপেক্ষাৰ মূৰত হাইলাকান্দিত ৰাজপথ অৱৰোধ কৰি বন্যাৰ্তৰ প্ৰতিবাদ


 মুখ্যমন্ত্ৰীয়ে ত্ৰাণ সামগ্ৰী বিতৰণত ৰাজ্যত নাটনি নোহোৱাৰ কথা ক'লেও প্ৰকৃততে দেখা গৈছে ইয়াৰ ঠিক বিপৰীত দৃশ্য। বানৰ ফলতে গোটেই ৰাজ্যৰ সৈতে যোগাযোগ বিচ্ছিন্ন হৈ পৰা হাইলাকান্দি জিলাত ৪ দিন পিছতো অধিকাংশ এলেকাত বিতৰণ হোৱা নাই কোনো ত্ৰাণ সামগ্ৰী (People protest for not getting flood relief)।

স্থানীয় আলগাপুৰ সমষ্টিৰ বক্ৰিহাওৰ এলেকাত বানৰ ফলতে গৃহহীন হৈ ৰাজপথত আশ্ৰয় লৈছে শতাধিক পৰিয়ালে। কিন্তু আজি প্ৰায় ৫ দিন অতিক্ৰম কৰাৰ পিছতো জিল‍া প্ৰশাসনে দিয়‍া নাই কোনো সাহায্য সামগ্ৰী। খাদ্য, পানী, সুৰক্ষিত আশ্ৰয়ৰ বাবে হাহাকাৰ কৰিছে ৰাইজে। কিন্তু কুম্ভকৰ্ণ নিদ্ৰাত জিলা প্ৰশাসন।


শেষত উপায়হীন ৰাইজে বাছি ল'লে প্ৰতিবাদৰ পথ। ৬নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে বানাক্ৰান্ত পুৰুষ-মহিলাই।

Post a Comment

0 Comments