ভূটানে পানী এৰিলে ভায়ৱহ হ'ব নামনি অসমৰ বান পৰিস্থিতি। মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ মন্তব্য


 ভুটানৰ কুৰিশ্বু বান্ধৰ পৰা পানী এৰিছে ৷ বানে এক ভয়ংকৰ ৰূপ ধাৰণ কৰিছে বৰপেটা, বাক্সা, চিৰাং, বজালীকে ধৰি সমগ্ৰ নামনি অসমত ৷ এই মন্তব্য মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ ৷ শনিবাৰে মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে সৰভোগ সমষ্টিৰ অন্তৰ্গত তথা বাক্সা জিলাৰ এলেংমাৰী অঞ্চলত বান পৰিদৰ্শন কৰিবলৈ আহি মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে কয় যে ভুটানে বহু কিউমেক পানী এৰিব ৷ সেয়ে ভুটানে পানী এৰাৰ ফলত প্ৰায় ৩০ মিটাৰ মান খহাই নিয়াৰ পূৰ্ণ সম্ভাৱনা আছে। যদি ভুটানৰ পানীৰ প্ৰকোপত বেঁকী নৈৰ কাষৰ কিছু অংশ খহাই নিয়ে তেন্তে বিগত 2004 চনতকৈও ভয়াৱহ ৰূপত  বানপানী হোৱাৰ আশংকা কৰিছে মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে।

এই সম্পৰ্কত মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু জলসম্পদ মন্ত্ৰী পিয়ুষ হাজৰিকাক অৱগত কৰোৱাৰ কথাও জানিবলৈ দিয়ে ৷ অৱশ্যে যদি ভুটানৰ কুৰিশ্বু বান্ধৰ পৰা পানী কম কমকৈ এৰে তেন্তে হয়তো বেঁকী নৈৰ বহন ক্ষমতা থাকিব ৷ কিন্তু যদি বেঁকী নৈৰ বহন ক্ষমতাতকৈ বেছি পৰিমাণে কুৰিশ্বু বান্ধৰ পৰা পানী এৰি দিয়ে তেন্তে বৰপেটা,বাক্সা, বজালী, চিৰাঙকে ধৰি সমগ্ৰ নামনি অসমত যে বানে বিভিষিকাময় ৰূপ ধাৰণ কৰিব সেয়া নিশ্চিত ।

Post a Comment

0 Comments