কাৰ্বি আংলঙত শূন্য হ’ব কংগ্ৰেছ – ক’লে পীযূষ হাজৰিকাই, ভূপেন বৰাক কমেডিয়ান আখ্যা পল্লৱ লোচন দাসৰ


 কাৰ্বি আংলং নিৰ্বাচনত কংগ্ৰেছ শূন্য হ’ব। বিজেপিয়ে ভাল ফলাফল লাভ কৰিব। বিজেপিয়ে আশা কৰা ধৰণে ফলাফল আগবঢ়াব। আমি তুষ্টিকৰণৰ ৰাজনীতি নকৰো, উন্নয়নৰ ৰাজনীতি কৰো। বাকী পাঁচটা দলে বিশেষ বিশেষ স্থানতহে মনোনিৱেশ কৰে। এই মন্তব্য কৰিছে মন্ত্ৰী পীযূষ হাজৰিকাই।

আনহাতে, সাংসদ পল্লৱ লোচন দাসে এই নিৰ্বাচনক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়, ‘‘কাৰ্বি আংলং নিৰ্বাচনত বিজেপিৰ ভাল ফলাফল হ’ব। এতিয়ালৈ আমাৰ প্ৰাৰ্থীয়ে অগ্ৰগতি লাভ কৰিছে। অন্যান্য দলে দুটা এটাৰ বাহিৰে আসন নাপায়। এই নিৰ্বাচনত পুনৰ কংগ্ৰেছ ধূলিসাৎ হ’ব। কিছু কিছু সমষ্টি কংগ্ৰেছৰ সলনি আপে ভোট লাভ কৰিছে। ১৪ আৰু ১৫ জুনত কাৰ্বি আংলঙত হ’বলগীয়া বিজেপি কাৰ্যনিৰ্বাহকত আমি বিজয় উৎসৱ পালন কৰিম।’’

Post a Comment

0 Comments