মাত্ৰ ১৫০ টকাই সলনি কৰিলে ভাগ্য! নিশাটোৰ ভিতৰতে কোটিপতি হ’ল যুৱক, ভয়তে কাষ চাপিল আৰক্ষীৰ


 মাত্ৰ ১৫০ টকাই সলনি কৰিলে এজন যুৱকৰ ভাগ্য। নিশাটোৰ ভিতৰতে কোটিপতি হ’ল পশ্চিম বংগৰ বীৰভূমৰ ৰামপুৰহাট থানাৰ অন্তৰ্গত কাষ্টগড়া গাঁৱৰ এজন যুৱক। এই বৃহৎ পৰিমাণৰ ধনৰাশি লটাৰীত লাভ কৰাৰ পিছতে আতংকত ভুগি যুৱকজন দ্বাৰস্থ হয় আৰক্ষীৰ।

সৰু ব্যৱসায় কৰি অভাৱ–অনাটৰ মাজেৰে কোনোমতে দিন অতিবাহিত কৰিছিল ৰহমত শ্বেখ নামৰ যুৱকজনে। কিন্তু ১৫০ টকাৰ লটাৰীৰ টিকতে জীৱনলৈ আমূল পৰিৱৰ্তন আনিলে ৰহমতৰ। জানিব পৰা মতে, যুৱকজনে ভগা–চিগা সামগ্ৰীৰ ব্যৱসায় কৰে। পেলনীয়া সামগ্ৰী কিনি আনি আন স্থানত বিক্ৰী কৰি চলায় পৰিয়াল।

৮ জুনত তেওঁ স্থানীয় দোকানৰ পৰা এটা লটাৰীৰ টিকট কিনিছিল। সেই লটাৰীৰ টিকটে যে জীৱনলৈ এনেকুৱা পৰিৱৰ্তন আনিব সেয়া সপোনতো ভৱা নাছিল ৰহমতে। বুধবাৰে নিশা ৮ বজাৰ পিছত খবৰ আহে যে ৰহমতে ১ কোটি টকা জিকিছে লটাৰীত। মুহূৰ্তৰ ভিতৰতে বহু লোক উপস্থিত হয় ৰহমতৰ ঘৰত। মানুহৰ ভিৰ দেখি আতংকিত হৈ পৰে ৰহমত। লগে লগে খবৰ দিয়ে ৰামপুৰহাট আৰক্ষীক। আৰক্ষীয়ে নিৰাপত্তা দি যুৱকজনক থানালৈ লৈ আহে। ৰামপুৰহাট থানাত নিৰাপত্তা দি থকা–খোৱা সকলো ব্যৱস্থা কৰা হয়।

Post a Comment

0 Comments