বানসাহায্য বিতৰণতো মাতব্বৰিতা! এঘৰীয়া কৰি থোৱা পৰিয়ালে সাহায্য আনিবলৈ যাওঁতে খালে চৰ-ভুকু


 বৰপেটাৰ সৰুক্ষেত্ৰীৰ ভকুৱাটেপাত মানৱতাক লজ্জানত কৰা ঘটনা ৷ বান সাহায্য আনিবলৈ যোৱা এটা দৰিদ্ৰ পৰিয়ালক মাৰধৰ কৰাৰ অভিযোগ৷ গাঁৱৰ পৰা এঘৰীয়া পৰিয়ালটোৱে বান সাহায্য আনিবলৈ যোৱাৰ অপৰাধতে এগৰাকী জনপ্ৰতিনিধিৰ উচটনিতে পৰিয়ালটোৰ এজন যুৱকক মাৰধৰ কৰে কেইবাজনো লোকে (Feudal behaviour in distribution of flood relief) ৷

জানিব পৰা মতে, ভকুৱাটেপা গাঁৱত বিতৰণ কৰা চৰকাৰী বান সাহায্য আনিবলৈ যোৱাৰ অপৰাধতে মফিজ আলীৰ পুত্ৰ ফিৰদৌছ আলী নানৰ যুৱকজনক ডিঙি চেপি, বুকুত ঘুচিয়াই আক্ৰমণ কৰে একাংশই ৷

বিশেষকৈ মধ্য পশ্চিম সৰুক্ষেত্ৰী (Barpeta Sarukhetri) আঞ্চলিক পঞ্চায়ত সদস্য ৰাতুল আলীৰ উচটনিতে খইবৰ আলী আৰু আজগৰ আলীয়ে যুৱকজনক মাৰপিট কৰাৰ অভিযোগ পৰিয়ালটোৰ ৷ আনকি যুৱকজনৰ খুড়াকে আক্ৰমণত বাধা দিয়াত তেওঁকো মাৰধৰ কৰে উক্ত লোককেইজনে ৷

ইপিনে গাঁওবুঢ়াই বানাক্ৰান্ত পৰিয়ালটোক বান সাহায্য দিবলৈ কয় যদিও গাঁওবুঢ়াৰ নিৰ্দেশকো আওকাণ কৰি আঞ্চলিক পঞ্চায়ত সদস্য ৰাতুল আলীয়ে পৰি়য়ালটোক বান সাহায্য প্ৰদানত বাধা দিয়ে ৷

Post a Comment

0 Comments