কাৰ্বি আংলঙৰ নিৰ্বাচনকলৈ বিশেষ আশা কৰা নাছিল APCCৰ সভাপতি ভূপেন বৰাই, মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে তীব্ৰ বাক্যবান বৰাৰ

 


আজি চলিছে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ ভোটগণনা। পুৱা ৭ বজাৰ পৰা সুকলমে চলি আছে ভোটগণনা প্ৰক্ৰিয়া। প্ৰায় প্ৰতিটো সমষ্টিতে বিজেপিয়ে লাভ কৰিছে বৃহত্ অগ্ৰগতি। কিন্তু তাৰ বিপৰীতে একেবাৰে বিধ্বস্ত হোৱাৰ উপক্ৰম হৈছে কংগ্ৰেছ দল। নিৰ্বাচনৰ ফলাফলৰ সন্দৰ্ভত এইবাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই।

ভূপেন বৰাই কয় যে,  'কাৰ্বি আংলংৰ নিৰ্বাচনক লৈ আগতে আমি বিশেষ আশা কৰা নাছিলো। কিন্ত পাঁচটা সমষ্টি অলপ টাফ হব বুলি জানিছিলো। বিজেপিৰ ভিতৰৰ কথা আমি কব নাযাও। আমি বিৰোধী ভূমিকা পালন কৰি আহিছো। ভিতৰৰ পৰা সকলো তথ্য আহিলে আমি আৰু কব পাৰিম। ছখন আসনত এতিয়া যুঁজ অব্যাহত আছে ৷ প্ৰতিটো নিৰ্বাচনত হাৰিলেও পূৰ্বে ১৫ বছৰীয়া কংগ্ৰেছৰ শাসনৰ সময়তো আন দল জিকা নাছিল।'

বৰাই লগতে কয় যে, 'একাংশ কংগ্ৰেছী গৈয়ি বিজেপিত আছে। কংগ্ৰেছৰ মাজতে দুটা দল আছে এজন কংগ্ৰেছত এজন বিজেপিত ৷ বেয়া দিনত বিজেপি কৰা সকলে কিন্তু শপত গ্ৰহণত নগলে ৷ কাৰ্বি আংলঙত আমি জিকা হলে চৰকাৰখন হতাশ হ’ল হয়। ৰাইজে এইবাৰ চৰকাৰক হতাশ কৰা মন নাই বাবে কাৰ্বি আংলং নিৰ্বাচনত চৰকাৰক কিছু সুবিধা দিছে। কংগ্ৰেছৰ ধৈৰ্য্য আছে বাবে ধৈয্য ধৰি আছে ৷ ধৈৰ্য্য ধৰিব লাগিব নিদিষ্ট সময়লৈকে। কংগ্ৰেছ যদি শূন্য হৈছে তাৰ পিছতো ১৪ খনত যুঁজ চলি আছে ৷ কংগ্ৰেছৰ দলৰ ভিতৰত থকা খোৱা কামোৰা বাবেহে চিন্তিত ৷'

Post a Comment

0 Comments