বাঘৰ আগতেল খোৱা চোৰ! যোৰহাটত আৰক্ষী অধীক্ষকৰ বাসগৃহৰ চৌহদৰ পৰাই চোৰে লৈ গ'ল বাইক

 যোৰহাট নগৰত সংঘটিত হৈ অহা ধাৰাবাহিক চুৰিকাণ্ডই অতিষ্ঠ কৰি তুলিছে জনসাধাৰণক। এইবাৰ যোৰহাটত পোহৰলৈ আহিছে এটা অতি দুঃসাহসীক চুৰিকাণ্ড। বাঘৰ আগতেল খোৱা চোৰে এইবাৰ আৰক্ষী অধীক্ষকৰ বাসগৃহৰ চৌহদৰ পৰাই চুৰি কৰি নিলে আৰক্ষীৰ বাইক। এই ঘটনাই উন্মোচন কৰিছে যোৰহাটৰ নিৰাপত্তা ব্যৱস্থাৰ কেতবোৰ গুৰুত্বপূৰ্ণ দিশ ।


২০২২ চনৰ সম্ভৱতঃ আটাইতকৈ দুঃসাহসীক চুৰিকাণ্ডটো সংঘটিত হৈছে যোৰহাটত। যোৰহাটত বিগত কিছুদিনৰ পৰা ব্যাপক হাৰত বৃদ্ধি পাইছে চুৰিকাণ্ড। ধাৰাবাহিকভাবে হৈ আছে দুচকীয়া বাহন চুৰি। নগৰ অঞ্চলৰ বাসগৃহসমূহতো চোৰে চলাই আহিছে ধাৰাবাহিক অভিযান। নগৰ অঞ্চলত চোৰৰ লক্ষ্য হৈ পৰিছে এয়াৰ কণ্ডিছনাৰৰ তামৰ তাৰসমূহ। কিন্তু বুধবাৰে যেন এনে ঘটনাই সকলো অভিলেখ ভংগ কৰিলে। যোৰহাটৰ আৰক্ষী অধীক্ষকৰ বাসগৃহৰ চৌহদৰ পৰা এগৰাকী আৰক্ষী লোকৰে এখন বাইক চুৰি হয় বুধবাৰে। কোনো বাঘৰ আগতেল খোৱা চোৰে যোৰহাটৰ আৰক্ষী অধীক্ষকৰ বাসগৃহৰ চৌহদৰ পৰা বাইক চুৰি কৰা এই দুঃসাহসীক কাণ্ডই সকলোৰে চকু কপালত তুলিছে।

AS 03 L 6191 নম্বৰৰ ক'লা ৰঙৰ পালচাৰ বাইকখনৰ সন্ধানত বৰ্তমান অনুসন্ধান অব্যাহত ৰাখিছে আৰক্ষীয়ে। বুধবাৰে আগবেলা বৰষুণ দি থকাৰ সময়তে চোৰে এই দু:সাহসীক কাৰ্য সংঘটিত কৰাৰ সন্দেহ কৰা হৈছে। বিশেষ সূত্ৰৰ পৰা জানিব পৰা মতে এজন ক্ষীণকায় যুৱকে বাইকখন লৈ অনায়াসে সাধাৰণ লোকৰ দৰে ওলাই গৈছিল।

উল্লেখ্য যে , বুধবাৰে মৰিয়নিৰ পৰা দুখন বাইককে ধৰি যোৰহাটৰ পৰা মুঠ চাৰিখন বাইক চুৰি হৈছে। বিগত দুমাহত যোৰহাট নগৰ আৰু মৰিয়নিৰ পৰাই অৰ্ধশতাধিক বাইক চুৰি হৈছে। কিন্তু তাৎপৰ্যপূৰ্ণ কথাটো হ'ল যোৰহাটৰ আটাইতকৈ সুৰক্ষিত স্থান ৰূপে বিবেচিত আৱৰ্ত ভৱন তথা আৰক্ষী অধীক্ষকৰ বাসভৱনৰ সন্মুখত নাই ক্লজ চাৰ্কিত কেমেৰা। যোৰহাট নগৰৰ কেতবোৰ অঞ্চলত থকা চিচিটিভি কেমেৰাসমূহো বিকল । নিৰাপত্তা ব্যৱস্থাৰ এই ফোপোলা ছবিয়ে বৰ্তমান বিভিন্ন মহলত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ।

আনহাতে শেহতীয়াকৈ জিলাখনত বৃদ্ধি পোৱা চুৰিকাণ্ডৰ ঘটনাসমূহে আৰক্ষীৰ সক্ৰিয়তাৰ ওপৰতো প্ৰশ্নৰ সৃষ্টি কৰিছে । উল্লেখ্য যে , যোৰহাটৰ অধিকাংশ আৰক্ষী বিষয়াই শেহতীয়াকৈ মাহটোৰ বহু সময় বিভাগীয় মিটিঙত ব্যস্ত থকা দেখিবলৈ পোৱা গৈছে । আৰু ইয়াৰ যেন এক নেতিবাচক প্ৰতিফলন দেখিবলৈ পোৱা গৈছে শেহতীয়াকৈ জিলাখনত বৃদ্ধি পোৱা এই অপৰাধজনীত ঘটনাসমূহত ।

Post a Comment

0 Comments