বানৰ কৱলত হাস্পতাল, হাইলাকান্দিত ৰাজপথতে ৰোগীৰ চিকিৎসাত ব্যস্ত চিকিৎসক ...


 ক্ৰমাৎ জটিল হৈ পৰিছে হাইলাকান্দি জিলাৰ বান পৰিস্থিতি । বলিয়া বানে জিলাখনৰ বিভিন্ন প্ৰান্তত ধাৰণ কৰিছে কালৰূপ । হাইলাকান্দি জিলাত এই প্ৰলয়ঙ্কৰী বানে আটাইটকৈ অধিক প্লাবিত কৰিছে আলগাপুৰ সমষ্টিৰ বিভিন্ন অঞ্চল ।

আলগাপুৰ সমষ্টিৰ মাজেৰে যোৱা ৬ নং ৰাষ্ট্ৰীয় ঘাইপথৰ মুঠ ৭ ঠাইত বানপানীয়ে ঘাইপথ প্লাবিত কৰাৰ ফলতে বন্ধ কৰি দিয়া হৈছে যান বাহনৰ চলাচল । বিদ্যালয়, হাস্পতাল সকলোতে মাথো পানী আৰু পানী । আলগাপুৰ সমষ্টিৰ কালীনগৰ এলেকাত থকা সৰোজিনী অসামৰিক হাস্পতাল সম্পূৰ্ণ ৰূপে বুৰ গৈছে পানীৰ তলতে । হাস্পতালখনৰ ভিতৰেৰে এতিয়া বৈছে বৰাক নৈৰ বাঢ়নি পানী । এনে অৱস্থাত হাস্পতাল গৃহ এৰি পথৰ ওপৰতে ৰোগীৰ চিকিৎসা কৰিব লগীয়া হৈছে চিকিৎসক আৰু স্বাস্থ্যকৰ্মী সকলে । ঘাইপথৰ কাষতে থকা এক ওখ ঠাইৰ দোকানৰ বাৰাণ্ডাত ৰোগীক সেৱা আগবঢ়াইছে চিকিৎসা কৰ্মী সকলে । লগতে গুৰুতৰভাৱে অসুস্থ হোৱা ৰোগীসকলোক এম্ব্যুলেঞ্চৰ জৰিয়তে অন্য ঠাই পঠোৱাৰ ব্যবস্থা কৰিছে স্বাস্থ্য বিভাগে ।

Post a Comment

0 Comments