বানত বুৰিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, ৫৫টা বন শিবিৰ জলমগ্ন, ৮টা বন্যজন্তুৰ মৃত্যু


 বছৰৰ প্ৰথমটো বানত জলমগ্ন কাজিৰঙা৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান তথা ব্যাঘ্ৰ প্ৰকল্পত প্ৰৱেশ ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানী। উদ্যানৰ ১৮ শতাংশ অঞ্চল জলমগ্ন বাঢ়নী পানীত। উদ্যানখনৰ ২২৩টা বনশিবিৰ ভিতৰত ৫৫টা বন শিবিৰ জলমগ্ন হৈ পৰিছে। অগৰাতলী বনাঞ্চলৰ ১৬টা, কঁহৰা বনাঞ্চলৰ ৯টা, বাগৰি বনাঞ্চলৰ ১০টা, বুঢ়াপাহাৰ বনাঞ্চলৰ ৬টা, বোকাখাত বনাঞ্চলৰ তিনিটা, বিশ্বনাথ বন সংমণ্ডলৰ আঠটা আৰু নগাঁও বন সংমণ্ডলৰ তিনিটা বন শিবিৰ জলমগ্ন৷

বৰ্তমানলৈকে নিহত হোৱা বন্য জন্তুৰ সংখ্যা আঠটা৷ ইয়াৰে সাতটা হৰিণা আৰু এটা নাহৰফুটুকী৷ তীব্ৰবেগী বাহনৰ খুন্দাত ৪টা, চিকিৎসাধীন অৱস্থাত এটা, সাঁতুৰি থকা অৱস্থাত এটা, অন্যান্য কাৰণত দুটা বন্যজন্তুৰ মৃত্যু হৈছে বুলি তথ্য প্ৰকাশ কৰিছে উদ্যান কৰ্তৃপক্ষই।

Post a Comment

0 Comments