'শিৱসেনা' নেৰে বিদ্ৰোহী বিধায়ক সিন্দেই, বালাচাহেবৰ হিন্দুত্ববাদক আৰু আগুৱাই নিব


 মহাৰাষ্ট্ৰৰ উদ্ধৱ ঠাকৰে (Uddhav Thackeray) চৰকাৰক সংকটত পেলাই গুজৰাটৰ পৰা গুৱাহাটী পোৱা শিৱসেনা আৰু নিৰ্দলীয়ৰ প্ৰায় ৪০গৰাকী বিদ্ৰোহী বিধায়কক লৈ দেশজুৰি চৰ্চা চলি আছে। শিৱসেনাৰ বিদ্ৰোহী বিধায়ক একনাথ সিন্দেৰ নেতৃত্বত গুৱাহাটীলৈ আহিছিল এই দলটো। তেওঁলোকক গুৱাহাটীত আদৰণি জনাইছিল বিজেপি নেতাই (‍‍BJP Leader)।

কিন্তু একনাথ সিন্দে (Eknath Shinde)ৰ দৃঢ় মত- তেওঁ বা শিৱসেনাৰ আন বিধায়কে বালাচাহেবৰ শিৱসেনা ত্যাগ নকৰে, বৰঞ্চ বালাচাহেবৰ হিন্দুত্ববাদৰ অনুসৰণ কৰি শিৱসেনাক আৰু আগুৱাই নিব।

এই কথাৰ পৰা অনুমান কৰিব পাৰি যে সিন্দেই বিজেপিৰ লগত মিত্ৰতা কৰি আন এখন শিৱসেনাৰ চৰকাৰ মহাৰাষ্ট্ৰত গঠন কৰিব।
ইয়াৰ মাজতে আন এটা চাঞ্চল্যকৰ খবৰ। মহাৰাষ্ট্ৰত ৰাজনৈতিক ধুমুহাৰ মাজতে শিৱসেনাৰ বিধায়ক নীতিন দেশমুখ, যাক আগতে বিদ্ৰোহী বিধায়ক একনাথ সিন্দেৰ সৈতে যোগদান কৰা বুলি ধাৰণা কৰা হৈছিল, মুখ্যমন্ত্ৰী উদ্ধৱ ঠাকৰেৰ প্ৰতি সমৰ্থন ব্যক্ত কৰি পুনৰ উভতি আহিছে। তেওঁ দাবী কৰিছিল যে তেওঁক "অপহৰণ" কৰা হৈছিল আৰু গুজৰাটৰ চুৰাটলৈ লৈ যোৱা হৈছিল, য'ৰ পৰা তেওঁ পলাই গৈছিল। "মই উদ্ধৱ ঠাকৰেৰ সৈতেই আছোঁ।" -এজন সাংবাদিকে তেওঁৰ আনুগত্যৰ বিষয়ে সোধাত তেওঁ ঘোষণা কৰে এইদৰে। আনহাতে কালি তেওঁৰ পত্নীয়ে দেশমুখক অপহৰণ কৰা বুলি আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছিল। উল্লেখ্য, বৰ্তমান নাগপুৰত আছে নীতিন দেশমুখ।

Post a Comment

0 Comments