আকাশমাৰ্গেৰে শিলচৰৰ বান পৰিস্থিতি পৰ্যবেক্ষণ কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ! শিলচৰত এয়াৰড্ৰপ কৰা হয় খাদ্য সামগ্ৰী আৰু অত্যাৱশ্যকীয় সামগ্ৰী ...

 


বানপীড়িত শিলচৰৰ বান পৰিস্থিতিৰ বুজ ল'লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। সাংসদ ৰাজদ্বীপ ৰয়, উপায়ুক্ত, এছ পিৰ সৈতে আকাশমাৰ্গেৰে পৰিস্থিতি পৰ্যবেক্ষণ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। ইয়াৰ পিছত,  ক্ষতিগ্ৰস্ত অঞ্চলসমূহ পৰিদৰ্শন কৰি লোকসকলৰ সৈতে বাৰ্তালাপ কৰিব বুলিও তেওঁ কয়। লগতে সাহায্য প্ৰচেষ্টা ত্বৰান্বিত কৰাৰ বাবে কাছাৰ জিলা প্ৰশাসনৰ সৈতে পৰিস্থিতি পৰ্যালোচনা কৰিম বুলিও টুইটাৰযোগে মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।

খাদ্য সামগ্ৰী, পানীৰ বটল আৰু অত্যাৱশ্যকীয় সামগ্ৰী থকা পেকেটবোৰ আজি হেলিকপ্টাৰেৰে বানপীড়িত শিলচৰত এয়াৰড্ৰপ কৰা হয়। নিয়মীয়া সকাহৰ উপৰিও আগন্তুক দিনবোৰত আৱদ্ধ লোকসকলৰ বাবে এনে ধৰণৰ এয়াৰ-ড্ৰপিং অব্যাহত ৰখাৰ পৰিকল্পনা কৰাৰ কথা অৱগত কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

Post a Comment

0 Comments