পুনৰ এনকাউণ্টাৰ! এইবাৰ কামৰূপ আৰক্ষীৰ গুলীত আহত ড্ৰাগছ মাফিয়া বগা


 অপৰাধীৰ বিৰুদ্ধে অব্যাহত আছে অসম আৰক্ষীৰ কঠোৰ পদক্ষেপ। এইবাৰ কামৰূপৰ বাইহাটাত কামৰূপ আৰক্ষীৰ এনকাউণ্টাৰ। দুৰ্ধৰ্ষ ড্ৰাগছ মাফিয়ালৈ গুলীচালনা কামৰূপ আৰক্ষীৰ। ড্ৰাগছ মাফিয়া নাজিৰ কাজি ওৰফে বগা গুলীবিদ্ধ।

ড্ৰাগছ মাফিয়াজনে বাইহাটা চাৰিআলি থানাৰ অন্তৰ্গত বেজেৰাৰ পৰা পলোৱাৰ চেষ্টা কৰোতেই গুলীচালনা কৰে আৰক্ষীয়ে। বাইহাটা আৰক্ষীৰ অভিযানৰ সময়তে গুলীবিদ্ধ হয় বগা। বেজেৰা সামূহিক স্বাস্থ্য কেন্দ্ৰত প্ৰাথমিক চিকিৎসাৰ অন্তত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হয় বগাক।

Post a Comment

0 Comments