পি পি ই কিট কেলেংকাৰিক লৈ প্ৰতিবাদ আপৰ, লতাশিল থানালৈ গৈ আপ নেতাই তৰিলে গোচৰ

 


অসম চৰকাৰৰ পিপিই কিট কেলেংকাৰিক লৈ ৰাজ্যত চৰ্চা চলি থকাৰ মাজতে আজি এই পি পি ই কিট কেলেংকাৰিৰ তদন্ত বিচাৰি আপে (Aam Aadmi Party) প্ৰতিবাদ সাব্যস্ত কৰে।

আপৰ নেতা কমল কুমাৰ মেধিৰ নেতৃত্বত দীঘলীপুখুৰীৰ পাৰত আপে প্ৰতিবাদ কৰে। প্ৰতিবাদস্থলীৰ পৰা পোনে পোনে লতাশিল থানালৈ গৈ পি পি ই কিট (PPE kit) কেলেংকাৰী সন্দৰ্ভত গোচৰ তৰে লতাশিল থানাত।

মুখ্যমন্ত্ৰীৰ পত্নী, পুত্ৰ আৰু ব্যৱসায়ী ঘনশ্যাম ধনুকাৰ নামত লতাশিল থানাত গোচৰ দিয়ে বুলি জানিবলৈ দিছে আপে।

উল্লেখ্য কোভিডৰ সময়ত এই কেলেংকাৰি (PPE Kit scam) সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত হৈছে। সংবাদমাধ্যমত এই কেলেংকাৰিক লৈ বাতৰি প্ৰকাশ হোৱাৰ পিছতে বিভিন্ন দল–সংগঠনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল আৰু আজি আপে ইয়াৰ প্ৰতিবাদ কৰে।

Post a Comment

0 Comments