বিজনীত ভয়ংকৰ দুৰ্ঘটনা, নিয়ন্ত্ৰণ হেৰুৱাই গছত খুন্দা বাইকৰ, এজন যুৱক নিহত

 


নিশা চাৰি বন্ধুৱে AS 19J 2156 নম্বৰৰ এখন টিভিএছ বাইকেৰে মানস ৰাষ্ট্ৰীয় উদ্যানৰ সীমান্ত পথৰে গৈ থকাৰ সময়তে নিয়ন্ত্ৰণ হেৰুৱাই দুৰ্ঘটনাত পতিত হয়৷

চিৰাং জিলাৰ বিজনীৰ ২নং দাৰাঙ্গাত সংঘটিত এক বাইক দুৰ্ঘটনাত এজন যুৱক নিহত হয়। নিহত যুৱকজন হৰেণ দাস (১৭)৷ জানিব পৰা মতে, নিশা চাৰি বন্ধুৱে AS 19J 2156 নম্বৰৰ এখন টিভিএছ বাইকেৰে মানস ৰাষ্ট্ৰীয় উদ্যানৰ সীমান্ত পথৰে গৈ থকাৰ সময়তে নিয়ন্ত্ৰণ হেৰুৱাই দুৰ্ঘটনাত পতিত হয়৷ চাৰি আৰোহীসহ পথৰ দাঁতিত থকা এডাল গছত খুন্দা মৰাৰ ফলত দুই বাইক আৰোহী গুৰুতৰভাৱে আহত হয়৷ ইয়াৰে হৰেন দাসক চিকিৎসালয় লৈ নিয়া হয় যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে৷ আনহাতে, অক্ষয় দাস নামৰ গুৰুত্বৰভাৱে আহত আন এজনক বঙাইগাঁৱৰ চিকিৎসালয় লৈ প্ৰেৰণ কৰা হয়৷

Post a Comment

0 Comments