কথা ৰাখিলে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই, মন্ত্ৰীসভাত আৰু দুজন বিধায়কে পালে স্থান, কাইলৈ শপতগ্ৰহণ

 


মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা মন্ত্ৰীসভাত আৰু দুজন বিধায়কে পালে স্থান। এই সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে পূৰ্বে ঘোষণা কৰিছিল আৰু নিজ দলৰ দুই বিধায়কক মন্ত্ৰীসভাৰ সম্প্ৰসাৰণত অন্তৰ্ভুক্ত কৰিলে।

হিমন্ত বিশ্ব শৰ্মা মন্ত্ৰীসভাত ( Chief Minister Himanta Biswa Sarma cabinet) স্থান পোৱা এই দুই বিজেপি বিধায়ক হৈছে নন্দিতা গাৰ্লোছা আৰু জয়ন্তমল্ল বৰুৱা ( Jayanta Malla Baruah)। আজি তেওঁলোকৰ নাম ঘোষণা কৰা হয়। আনহাতে কাইলৈ বিয়লি ৩ বজাত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত মন্ত্ৰী দুগৰাকীয়ে শপত গ্ৰহণ কৰিব।

উল্লেখ্য, মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব হিচাপে দায়িত্ব পালন কৰি আছিল নলবাৰী সমষ্টিৰ দুবাৰৰ বিধায়ক জয়ন্তমল্ল বৰুৱা। আনহাতে হাফলঙৰ জয়ী হৈ পৰা এবছৰীয়া কাৰ্যকাল সমাপ্তিৰ পিছতে নন্দিতা গাৰ্লোছাই মন্ত্ৰিত্ব লাভ কৰে।

কাৰ্বি স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনী প্ৰচাৰ চলাই থকাৰ সময়তে মুখ্যমন্ত্ৰী ড॰ শৰ্মাই মন্ত্ৰীসভাৰ সম্প্ৰসাৰণৰ কথা কৈছিল। ইয়াকে লৈ নতুন মন্ত্ৰীসভাত কোনে স্থান পাব তাকে লৈ ব্যাপক চৰ্চা হৈছিল। বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে এই মন্ত্ৰীসভাত স্থান পাব বুলিও চৰ্চা হৈছিল। কিন্তু সকলো চৰ্চাৰ অৱসান ঘটাই শেষত স্থান পালে  জয়ন্তমল্ল বৰুৱা আৰু নন্দিতা গাৰ্লোছাই।

Post a Comment

0 Comments