‘উত্তীৰ্ণসকলক শুভেচ্ছা, অনুত্তীৰ্ণসকলৰ একো শেষ হৈ যোৱা নাই’ – ক’লে শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে, অহা বছৰ থাকিবনে প্ৰথম দহটা স্থান?

 


হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু হাই মাদ্ৰাছা পৰীক্ষাৰ ফলাফল ঘোষণাৰ পিছতে ছেবাৰ সকলো বিষয়া–কৰ্মচাৰীক ধন্যবাদ জ্ঞাপন কৰিছে শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে। পৰীক্ষাত উত্তীৰ্ণ হোৱা শিক্ষাৰ্থীসকলকো শুভেচ্ছা জনায় শিক্ষামন্ত্ৰীগৰাকীয়ে।

তেওঁ কয়, ‘‘উত্তীৰ্ণ নোহোৱাসকলৰ একো শেষ হৈ যোৱা নাই। তেওঁলোকে পুনৰ চেষ্টা কৰিব লাগে। যোৱাবাৰ আভ্যন্তৰীণ মূল্যায়নৰ ওপৰত ফলাফল দিয়াৰ বাবে শতাংশটো বেছি হৈছিল। চৰকাৰী বিদ্যালয়ৰ উত্তীৰ্ণ হাৰৰ সংখ্যাটো কমিছে অৰ্থাৎ ফলাফল বেয়া হৈছে। ইয়াক আমি অধ্যয়ন কৰিব লাগিব।’’‘‘চিৰাং, কাছাৰ, কাৰ্বি আংলঙকে ধৰি কেইখনমান জনজাতীয় জিলাত ফলাফল বেয়া হৈছে। ডিমা হাছাওৰ ফলাফল কাৰ্বি আংলঙতকৈ ভাল হৈছে। কি কাৰণত এই হৈছে আমি চাম।’’ – ক’লে শিক্ষামন্ত্ৰীয়ে।


চাহ বাগান অঞ্চলত শিক্ষা বহু পিছ পৰি আছে বুলি মন্তব্য কৰি পেগুৱে কয় যে চাহ বাগান অঞ্চলত বিদ্যালয় স্থাপন কৰা হৈছে। মেট্ৰিকৰ ফলাফলে দেখুৱাইছে চাহ বাগিছাত ফলাফল বেয়া। আজিয়েই ইয়াৰ বিতং অধ্যয়ন কৰা হ'ব। ছেবাক মই নিৰ্দেশ দিছো।

আনহাতে, ইংৰাজী মাধ্যমৰ স্কুলসমূহৰ ফলাফল কিছু ভাল বুলি কৈ শিক্ষামন্ত্ৰীগৰাকীয়ে কয়, চৰকাৰী বিদ্যালয়ত শিক্ষক, আন্তঃগাথঁনিৰ কিছু গেপ আছে। ইয়াক দূৰ কৰাৰ বাবে চিন্তা কৰা হৈছে। পাছ কৰাৰ হাৰ এইবাৰ কমাটো অৱধাৰিত। কোভিডৰ প্ৰভাৱ এটা শিক্ষাৰ ওপৰত পৰিছে।

Post a Comment

0 Comments