প্ৰথমবাৰৰ বাবে বৰঝাৰ বিমানবন্দৰত আদানী গ্রুপৰ নেতৃত্বত ভাৰতৰত্ন লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ ১৩২ তম জন্মদিন উদযাপন ...

 


প্ৰথম বাৰৰ বৰঝাৰ বিমানবন্দৰত উদযাপিত হ'ল লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ ১৩২ তম জন্মজয়ন্তী । আদানী গ্রুপৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰাষ্ট্ৰীয় বিমানবন্দৰৰ মুখ্য পৰিচালক আৰু বিমানবন্দৰ কৰ্তৃপক্ষৰ প্ৰচেষ্টাত প্ৰথমবাৰৰ বাবে বিমান বন্দৰৰ এয়াৰ ট্ৰেফিক নিয়ন্ত্ৰণ কক্ষৰ প্ৰেক্ষাগৃহত গোপীনাথ বৰদলৈৰ পৰিয়ালৰ লোকৰ উপস্থিতিত  উদযাপন কৰা হয় জন্ম জয়ন্তী।

আজি অসমৰ প্ৰথম মুখ্যমন্ত্ৰী গোপীনাথ বৰদলৈৰ জন্মজয়ন্তী । প্ৰথম অসমৰ মুখ্যমন্ত্ৰী তথা ভাৰত ৰত্ন প্ৰয়াত গোপীনাথ বৰদলৈৰ ১৩২ তম জন্ম জয়ন্তী আজি বৰঝাৰ বিমানবন্দৰত উদযাপন কৰে আদানী গ্রুপৰ নেতৃত্বত বিমানবন্দৰ কৰ্তৃপক্ষই । আন্তৰাষ্ট্ৰীয় লোকপ্রিয় গোপীনাথ বৰদলৈ বিমানবন্দৰ আদানী গ্ৰুপে লোৱাৰ পিছতে প্ৰথম বাৰৰ বাবে অসমৰ প্ৰথম মুখ্যমন্ত্ৰী তথা ভাৰত ৰত্ন গোপীনাথ বৰদলৈৰ ১৩২ তম জন্ম জয়ন্তী উদযাপন কৰে । প্ৰয়াত গোপীনাথ বৰদলৈৰ প্ৰতিচ্ছবিত পুত্ৰ বলিন বৰদলৈয়ে বন্তি প্ৰজ্বলন কৰি শুভাৰম্ভণি কৰে অনুষ্ঠানৰ । জন্ম জয়ন্তী উদযাপন অনুষ্ঠানত উপস্থিত থাকে গোপীনাথ বৰদলৈৰ পুত্ৰ বলিন বৰদলৈ সহিতে পৰিয়াল বৰ্গ আৰু বিমানবন্দৰৰ বিষয়া কৰ্মচাৰী । আজিৰ এই অনুষ্ঠানতে গোপীনাথ বৰদলৈৰ ওপৰত আধাৰিত এখন তথ্যচিত্ৰও প্ৰদৰ্শন কৰা হয় । জন্ম জয়ন্তী উপলক্ষে তেখেতৰ কৰ্মৰাজীৰ ওপৰত পুত্ৰ বলিন বৰদলৈয়ে ভাষণ প্ৰদান কৰে । সভাত বিমানবন্দৰৰ সঞ্চালক উৎপল বৰুৱাও ভাষণ প্ৰদান কৰে । সদৌ শেষত জাতীয় সংগীতেৰে অনুষ্ঠানৰ সামৰণি পৰে ।

Post a Comment

0 Comments