বৰাকৰ বাঢ়নী পানীৰ বাবে সতৰ্কতা জাৰি কাছাৰ জিলা প্ৰশাসনৰ


 বৰাকৰ বাঢ়নী পানীৰ বাবে সতৰ্কতা জাৰি কৰিছে কাছাৰ জিলা প্ৰশাসনে ৷ বৰাক নৈৰ জলস্তৰ বিপদসীমা অতিক্ৰম কৰাৰ বাবে প্ৰয়োজনীয় কামৰ অবিহনে ঘৰৰ পৰা বাহিৰলৈ নোলাবলৈ ৰাইজক আহ্বান জনাইছে কাছাৰৰ জিলা উপায়ুক্ত কীৰ্থি জল্লীয়ে ৷

ইতিমধ্যে বৰাকৰ নৈৰ (Barak River) বাঢ়নী পানীৰ ফলত বানৰ কবলত পৰিছে জিলাৰ প্ৰায় ২৫ হাজাৰ লোক ৷ এতিয়াও জিলাত পৰ্যাপ্ত পৰিমাণৰ খাদ্য সামগ্ৰী মজুত আছে, যাৰ বাবে ভুৱা বাতৰিত কাণ নিদিয়াৰ বাবে আহ্বান জনাইছে জিলা উপায়ুক্তগৰাকীয়ে

অত্যাৱশ্যকীয় সামগ্ৰী অতিৰিক্ত মূল্যত বিক্ৰী কৰিলে জিলা প্ৰশাসনক (Cachar District Administration) জনোৱাৰ বাবে জনাইছে জিলা উপায়ুক্তগৰাকীয়ে ৷

Post a Comment

0 Comments