অপৰাধীৰ সন্ধানত হাইলাকান্দি পালে কৰ্ণাটকৰ আৰক্ষী, কি কাণ্ড কৰি ঘৰৰ ল'ৰা আহিছিল ঘৰলৈ উভতি?

 


অপৰাধীৰ সন্ধাত হাইলাকান্দিত উপস্হিত কৰ্ণাটক আৰক্ষী । সুদূৰ কাৰ্ণাটক ৰাজ্যৰ হাবুগুটি আৰক্ষী থানাৰ এটা গোচৰৰ তদন্তত মঙলবাৰে হাইলাকান্দিত উপস্হিত হয় কৰ্ণাটকা আৰক্ষীৰ চাৰিজনীয়া এট‍া দল।

দলটোৱে হাইলাকান্দিত উপস্হিত হৈ আজি হাইলাকান্দি আৰক্ষীৰ সহায়তাত কৰিমগঞ্জ জিলাৰ বদৰপুৰৰ ষ্টেচন ৰোডৰ পৰা বুৰহান হুছেইন বৰভূঞা নামৰ এগৰাকী গাড়ীচালকক গ্ৰেপ্তাৰ কৰে (Karnataka police in Hailakandi in search of culprits)।

চালকজনৰ ঘৰ হাইলাকান্দি জিলাৰ চণ্ডিপুৰ দ্বিতীয় খণ্ড গাঁওত । কৰ্ণাটকৰ হাবুগুটি থানাৰ ১৪০ নম্বৰ গোচৰৰ ভিত্তিত চালকজনক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। প্ৰাপ্ত তথ্য অনুসৰী, এই গাড়ীচালকজন পূৰ্বে কৰ্ণাটক ৰাজ্যত ট্ৰাকচালক হিচাপে কৰ্মৰত আছিলে। আৰু তাতে নিজৰ ট্ৰাকত কিছু মূল্যৱান বস্তু কঢ়িয়াই নিয়াৰ সময়ত এই বস্তুসমূহ চুৰ কৰি পল‍াই আহে। এই চুৰি কাণ্ডৰ সূত্ৰ ধৰি কৰ্ণাটক আৰক্ষী হাইলাকান্দিত উপস্হিত হৈ চালকজনক গ্ৰেপ্তাৰ কৰে ।

Post a Comment

0 Comments