''নাৰী নিৰ্যাতনে সীমা চেৰাইছে অসমত, কিন্তু ২০১৬ চনৰ পৰা ৰাজ্যিক মহিলা আয়োগৰ অস্তিত্ব কেৱল ফাইলৰ মাজতে''- মহিলা কংগ্ৰেছ

 


অসমত নাৰী নিৰ্যাতন বৃদ্ধি পাইছে যদিও ব্যৰ্থ হৈছে ৰাজ্যিক মহিলা আয়োগ।- এই অভিযোগ তুলিছে অসম প্ৰদেশ মহিলা কংগ্ৰেছে। নাৰীৰ ওপৰত নিৰ্যাতনৰ ঘটনাসমূহ ৰোধ কৰাৰ কোনো কাৰ্যকৰী ব্যৱস্থা ৰাজ্য চৰকাৰখনে গ্ৰহণ কৰা নাই আৰু এই বিষয়সমূহত চৰকাৰক উপযুক্ত দিহা-পৰামৰ্শ দি নাৰীৰ ওপৰত চলা হিংসা, নিৰ্যাতনৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণত ৰাজ্যিক মহিলা আয়োগ (Assam State Commission for Women) সম্পূৰ্ণৰূপে ব্যৰ্থ হোৱাৰ অভিযোগ তোলে  মহিলা কংগ্ৰেছে।

মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰ গোস্বামী, সাধাৰণ সম্পাদিকা বনশ্ৰী গগৈৰ নেতৃত্বত যোৱা এটা সঁজাতী দলে আয়োগৰ হাতত প্ৰদান কৰা স্মাৰক পত্ৰখনত কোৱা হৈছে যে কাৰ্যতঃ ২০১৬ চনৰ পৰা ৰাজ্যিক মহিলা আয়োগৰ অস্তিত্ব কেৱল ফাইলৰ মাজতে সীমাবদ্ধ হৈ আছে।

ৰাজ্যখনত এটাৰ পিছত আনটো নাৰী নিৰ্যাতনৰ ঘটনা সংঘটিত হৈ থকাৰ পিছতো আয়োগ এইবোৰৰ বিৰুদ্ধে কিয় তৎপৰ নহয় সেয়া সমগ্ৰ মহিলা সমাজৰ বাবে এক ডাঙৰ সাঁথৰ বুলি উল্লেখ কৰি আইন প্ৰদত্ত ক্ষমতা ব্যৱহাৰ কৰি তাৎক্ষণিকভাৱে মহিলা আয়োগক অসমৰ নিৰ্যাতিত নাৰী সমাজৰ হৈ নিজৰ দায়িত্ব পালন কৰিবলৈ কোৱা হয় স্মাৰক-পত্ৰখনত।

Post a Comment

0 Comments