হিতাধিকাৰীক আঠুৱা যোগানৰ নামত সচিবালয়ৰ পৰা প্ৰৱঞ্চনাৰে কোটি কোটি টকা সৰকোৱা দুই অভিযুক্ত অৱশেষত আৰক্ষীৰ হাতত বন্দী হ'ল। আঁঠুৱা যোগানৰ নামত উক্ত দুই প্ৰৱঞ্চকে ভুৱা অৰ্ডাৰ কপীৰে এগৰাকী ঠিকাদাৰক বিক্ৰী কৰি কোটি কোটি টকা আত্মসাৎ কৰিছিল।
আজি কোকৰাঝাৰ সদৰ থানাত কোকৰাঝাৰৰ অতিৰিক্ত আৰক্ষী অধীক্ষক (সুৰক্ষা) লমহাউ ডংগেলে সাংবাদিকৰ আগত জানিবলৈ দিছে যে ইতিমধ্যে নলবাৰী জিল৷ৰ পৰা কোকৰাঝাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা প্ৰৱঞ্চকদ্বয় হৈছে ক্ৰমে ৰূপম ডেকা আৰু অনুৰূপ কলিতা।
আন এক সূত্ৰৰ মতে, বিটিচি সচিবালয়ৰ পৰা প্ৰায় ৩ কোটি টকা আঠুৱা যোগান ধৰাৰ
নামত প্ৰৱঞ্চক ৰূপম ডেকা আৰু অনুৰূপ কলিতাই ভুৱা অৰ্ডাৰ কপী ঠিকাদাৰ
অশ্বিনী শৰ্মাক ২২ লাখ টকাত বিক্ৰী কৰিছিল ৷
সেই মৰ্মে ঠিকাদাৰ
অশ্বিনী শৰ্মাই উক্ত অৰ্ডাৰৰ ভিত্তিত বিটিচিত আঠুৱাৰ যোগান দিছিল ৷
আঠুৱা যোগান ধৰাৰ পিছত ঠিকাদাৰ অশ্বিনী শৰ্মাই বিটিচিত বিল দাখিল কৰাৰ
পৰৱৰ্তী সময়তহে সকলো তথ্য পোহৰলৈ আহে যে বিটিচিৰ পৰা উক্ত তিনি কোটি টকীয়া
আঠুৱা যোগান ধৰাৰ কোনো অৰ্ডাৰ দিয়া হোৱাই নাছিল।
0 Comments