কৃত্ৰিম বানপানীৰ কবলত বৰপেটাৰোড চহৰ, নিৰ্বিকাৰ বৰপেটাৰোড পৌৰসভা


 বিগত দুদিনমান ধৰি হোৱা নেৰানেপেৰা বৰষুণৰ ফলত বৰপেটাৰোডত কৃত্ৰিম বানপানীৰ সৃষ্টি হোৱাৰ ফলত যমৰ যাতনা ভোগ কৰিবলগীয়া হৈছে ৰাইজে। চহৰখনৰ অলিয়ে–গলিয়ে এতিয়া কেৱল মাথোঁ পানী আৰু পানী৷ চহৰখনৰ অধিকাংশ নলা–নৰ্মদা বৰপেটাৰোড পৌৰসভাই সময় মতে, পৰিষ্কাৰ নকৰাৰ ফলতেই এই কৃত্ৰিম বানপানীৰ সৃষ্টি হৈছে৷ আজি চহৰখনৰ জ্যোতিনগৰ, মিলননগৰ, চন্দনপুৰ, বৰ্মনপাৰা, বাবুপাৰা, শক্তিনগৰ, ৰামকৃষ্ণ মন্দিৰ পথ আদি এলেকাৰ অধিকাংশ পথ আৰু ঘৰেই পানীৰ তলত ডুব গৈছে৷

আনহাতে, উত্তৰ বৰপেটাৰোডত অৱস্থিত পাইকাৰী চবজি বজাৰো কৃত্ৰিম বানপানীৰ কবলত পৰাত বজাৰখনত ব্যাপক প্ৰভাৱ পৰা পৰিলক্ষিত হৈছে৷ যিহেতু বৰপেটাৰোডৰ পৰাই ৰাজ্যৰ বিভিন্ন স্থানলৈ নিতৌ ট্ৰাকে ট্ৰাকে শাক–পাচলি যায়, সেয়ে শাক–পাচলিৰ মূল্য বৃদ্ধি হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে৷

চহৰখনত প্ৰতি বছৰে এনেদৰে কৃত্ৰিম বানপানী হয় যদিও এইক্ষেত্ৰত বৰপেটাৰোড পৌৰসভা আৰু চৰকাৰে কোনোধৰণৰ বাস্তৱসন্মত পদক্ষেপ নোলোৱাৰ বাবে এজাক বৰষুণতে কৃত্ৰিম বানপানীৰ সৃষ্টি হোৱাটো এক নিয়মত পৰিণত হৈছে৷ সেয়ে ৰাজেশ সৰকাৰ নেতৃত্বাধীন বৰপেটাৰোড পৌৰসভাক অনাগত দিনত দীৰ্ঘম্যাদী আঁচনি গ্ৰহণ কৰি কৃত্ৰিম বানপানী প্ৰতিৰোধ কৰিবলৈ চহৰখনৰ ৰাইজ তথা বিভিন্ন দল–সংগঠনে দাবী জনাইছে।

Post a Comment

0 Comments