''গুৱাহাটীৰ বান সমস্যা সমাধান কৰিব নোৱাৰে বাবেই অভাৰব্ৰীজ বনাই আছে চৰকাৰে''


 ''গুৱাহাটীৰ ঠায়ে ঠায়ে চৰকাৰে বনাইছে অভাৰব্ৰীজ ৷ অৱশ্যে যাতায়াতৰ বাবে কোনোবা কোনোবা ঠাইত প্ৰয়োজনেই নাই অভাৰব্ৰীজৰ ৷ আচলতে কাজিৰঙাত হাইলেণ্ড বনোৱাৰ দৰেই গুৱাহাটীত চৰকাৰে অভাৰব্ৰীজ নিৰ্মাণ কৰিছে ৷ যিহেতু চৰকাৰে গুৱাহাটীৰ বান সমস্যা সমাধান কৰিব নোৱাৰে সেইবাবেই অভাৰ ব্ৰীজ বনাইছে ৷ সামগ্ৰিকভাৱে চৰকাৰে অভাৰব্ৰীজসমূহ বনাই দিছে যাতে বানপানীৰ (Flood In Guwahati) সময়ত অভাৰব্ৰীজত উঠি গুৱাহাটীৰ ৰাইজে বানপানীৰ পৰা মুক্ত হ'ব পাৰে ৷''

-বিশ্বনাথ চাৰিআলিত বুধবাৰে গুৱাহাটীৰ বানপানী সম্পৰ্কত এইদৰে  মন্তব্য কৰি চৰকাৰক কটাক্ষ কৰে ৰাইজৰ দলৰ (Raijor Dal) মুখপাত্ৰ জ্ঞানশ্ৰী বৰাই ৷

গুৱাহাটীৰ স্মাৰ্ট চিটী সম্পৰ্কে আমি শুনি থকাও বহু দিন হ'ল ৷ স্মাৰ্ট চিটী দূৰৈৰে কথা, চৰকাৰে আজিলৈকে গুৱাহাটীৰ বানকে নিয়ন্ত্ৰণ কৰিব নোৱাৰিলে ৷ ফলত স্মাৰ্ট চিটী গুৱাহাটীত নাও আৰু বলেৰ' গাড়ীৰ মাজত সংঘৰ্ষৰ ঘটনা সংঘটিত হৈছে ৷ যিটো অসমৰ ইতিহাসত আগতে নেদেখা আৰু নুশুনা ঘটনা ৷''

গুৱাহাটীৰ বানপানীৰ সমস্যাটো সমাধান কৰাৰ প্ৰতিশ্ৰুতি দিয়া বিজেপি চৰকাৰৰ দিনত বানপানী সমস্যা বৃদ্ধিহে পাইছে বুলি উল্লেখ কৰি গুৱাহাটীৰ বানপানীয়ে বিজেপি চৰকাৰৰ বিফলতাকে উদঙাই দিছে বুলি মন্তব্য কৰে ৰাইজৰ দলৰ মুখপাত্ৰ জ্ঞানশ্ৰী বৰাই ৷

Post a Comment

0 Comments