গুৱাহাটীবাসীলৈ জৰুৰী বাৰ্তা প্ৰশাসনৰ, বিপদত পৰিলে প্ৰশাসনলৈ ফোন কৰক এই নম্বৰত


 ধাৰাসাৰ বৰষুণৰ পৰিপ্ৰেক্ষিতত কামৰূপ মহানগৰ জিলা উপায়ুক্তৰ জৰুৰী বাৰ্তা। ধাৰাসাৰ বৰষুণ হৈ থকাৰ পৰিপ্ৰেক্ষিতত জনসাধাৰণক অনাকাংক্ষিত পৰিস্থিতিৰ পৰা ৰক্ষা পৰিবৰ বাবে কাকো অপ্ৰয়োজনত ঘৰৰ পৰা বাহিৰলৈ ওলাই নাহিবৰ বাবে আহ্বান কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ। ভূমিস্খলন প্ৰৱণ এলেকাৰ পৰা নিৰাপদ স্থানত অৱস্থান কৰাৰ বাবে আহ্বান প্ৰশাসনৰ।

যিকোনো জৰুৰী অৱস্থাৰ বাবে গুৱাহাটী ৰাজহ চক্ৰ বিষয়াক 95082-09686 অথবা দিছপুৰ ৰাজহ চক্ৰ বিষয়াক 83760-29984 নম্বৰত অথবা প্ৰশাসনৰ টোল ফ্ৰী নম্বৰ 1077/93654-29314 নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান। প্ৰশাসনে সকলো ধৰণৰ সহায় কৰিবলৈ প্ৰস্তুত।

Post a Comment

0 Comments