চৰকাৰী বিদ্যালয়ৰ প্ৰাৰ্থনা সভাত আজান বিতৰ্ক, প্ৰধান শিক্ষকলৈ শিক্ষা বিভাগৰ কাৰণ দৰ্শোৱাৰ জাননী


 মৰিয়নিৰ পূব যোৰহাট শিক্ষা খণ্ডৰ অন্তৰ্গত হেমলাই জ্ঞান বিকাশ প্ৰাথমিক বিদ্যালয়ত যোৱা ৩ জুন তাৰিখে প্ৰাৰ্থনা সভাত পঞ্চম শ্ৰেণীৰ এজন ছাত্ৰই আজান দিয়া ভিডিঅ' চছিয়েল মিডিয়াত ভাইৰেল হৈ পৰাত ব্যাপক প্ৰতিক্ৰিয়া সৃষ্টি হৈছিল। ইফালে বিষয়টো ৰাজ্য চৰকাৰৰ দৃষ্টি গোচৰ হোৱাত অনুসন্ধানৰ বাবে শনিবাৰে পুৱা যোৰহাট জিলাৰ উপায়ুক্ত অশোক কুমাৰ বৰ্মন, আৰক্ষী অধীক্ষক মোহনলাল মিনা, অতিৰিক্ত উপায়ুক্ত শিক্ষা বিভাগৰ কবিতা ফুকন বিদ্যালয়খনত উপস্থিত হৈ বিষয়টো অনুসন্ধান কৰে।

বিদ্যালয়খনত চলি থকা গুণোৎসৱৰ দিনা পুৱা প্ৰাৰ্থনা সভাত ছাত্ৰছাত্ৰীসকলে বিহু, ঝুমুৰ, ৰাভা সংগীত পৰিবেশন কৰাৰ সমন্তৰালভাবে উক্ত ছাত্ৰজনে নিজৰ স্বকীয় প্ৰতিভা প্ৰকাশৰ উদ্দেশ্যে ইচ্ছাকৃতভাবে আজান পৰিবেশন কৰা বুলি অনুসন্ধানৰ পিছত সাংবাদিকক জানিব দিয়ে যোৰহাটৰ উপায়ুক্ত অশোক কুমাৰ বৰ্মনে। ছাত্ৰজনক আজান পৰিবেশন কৰিবৰ বাবে কোনেও উচতনি দিয়া নাছিল বা ই কোনো পূৰ্ব পৰিকল্পিত নাছিল বুলিও উপায়ুক্তগৰাকীয়ে প্ৰকাশ কৰে। উপায়ুক্তগৰাকীৰ মন্তব্যৰ পাছতে আজান বিতৰ্ক সামৰনি পৰিছিল যদিও জিলা প্ৰাথমিক শিক্ষা বিষয়া ড° শুভলক্ষ্মী ৰাজকুমাৰী স্বাক্ষৰিত এখন শ্ব'কজ পত্ৰ বিদ্যালয়খনৰ প্ৰধান শিক্ষক প্ৰণৱ আৰান্ধৰালৈ অহাত এই ঘটনাই পুনৰ নতুন মোৰ লৈছে।

Post a Comment

0 Comments