আনলিমিটেড কল আৰু বাম্পাৰ ডাটাৰ সস্তা ৰিচাৰ্জ, কাৰ প্লান অধিক লাভজনক?


 Reliance Jioই আৰম্ভণিৰে পৰা বজাৰত আকৰ্ষণীয় দামত ৰিচাৰ্জ প্লান আগবঢ়াই আহিছে। জিঅ’ৰ টেলিকম কোম্পানী অহাৰ পিছতে Airtel আৰু Vodafone Idea (Vi)ই গ্ৰাহকৰ বাবে একে প্লান উপলব্ধ কৰাইছে। আজি আমি আপোনালোকক জিঅ’ আৰু এয়াৰটেলৰ ২৯৯ টকাৰ প্লানৰ বিষয়ে সবিশেষ জনাবলৈ লৈছো। জিঅ’ আৰু এয়াৰটেলৰ ২৯৯ টকাৰ প্লানত কোনে অধিক সুবিধা প্ৰদান কৰিছে? আহক জানো কাৰ প্লান অধিক লাভজনক?

২৯৯ টকাৰ এয়াৰটেল প্লান

এয়াৰটেলৰ ২৯৯ টকাৰ প্লানত ১.৫ জিবি ডাটা প্ৰতিদিনে পোৱা যায়। এই প্লানত আনলিমিটেড লোকেল, এছটিডি আৰু ৰোমিং কলৰ সুবিধা দিয়া হয়। এই কল দেশৰ যিকোনো নেটৱৰ্কত বিনামূলীয়া। প্লানৰ ভেলিডিটি ২৮ দিন। এই প্ৰিপেইড প্লানত ১০০ এছএমএছৰ সুবিধা প্ৰতিদিনে আগবঢ়োৱা হয়। প্লানত হাইস্পীড ডাটা শেষ হোৱাৰ পিছত স্পীড 64Kbps থাকি যায়।

২৯৯ টকাৰ এই এয়াৰটেল প্লানত ২৮ দিনৰ বাবে Xstream Mobile Packৰ ছাবস্ক্ৰিপশ্যন ফ্ৰী পোৱা যায়। ইয়াৰ উপৰি এই প্লানত এপল’ 24|7 চাৰ্কলৰ মেম্বাৰশ্বিপ ৩ মাহৰ বাবে আগবঢ়োৱা হয়। ফাষ্টেগত ১০০ টকাৰ কেছবেক আৰু ফ্ৰী হেল’টিউনৰ সুবিধাও এই প্ৰিপেইড প্লানত পোৱা যায়। Wynk Musicৰ সুবিধাও বিনামূলীয়াকৈ ল’ব পাৰি।

জিঅ’ৰ ২৯৯ টকাৰ প্লান

Post a Comment

0 Comments