শিলচৰত নাৱেৰে বান পৰিদৰ্শন কৰিবলৈ অহা মুখ্যমন্ত্ৰীক যুৱকে এবুকু পানীৰ মাজতে পিন্ধালে গামোচা

A Young Boy greet CM himanta biswa Sarma while he inspected flood-affected  area of ​​Silchar FGN News | FGN News 

 পানীৰ মাজত থকা শিলচৰ। অঞ্চলটোৰ বান পৰিস্থিতি আজি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই উদ্ধাৰকাৰী দলৰ নাৱত উঠি পৰিদৰ্শন কৰে। এই পৰিদৰ্শন কালতে এটা বিশেষ ঘটনাৰ সন্মুখীন হয় মুখ্যমন্ত্ৰী।

মুখ্যমন্ত্ৰীক সম্ভাষণ জনোৱাৰ বাবে এজন বাসিন্দাক এবুকু পানীৰ মাজেৰে আগবাঢ়ি আহিবলৈ চেষ্টা কৰা দেখা যায়। হাতত গামোচা লৈ মুখ্যমন্ত্ৰীক সম্বৰ্ধনা জনাব বিচৰা যুৱকজনক পিছত মুখ্যমন্ত্ৰীৰ (CM Himanta Biswa Sarma) নির্দেশ মৰ্মে দুজন উদ্ধাৰকৰ্তাই পানীৰ মাজেৰে মুখ্যমন্ত্ৰীৰ ওচৰলৈ আনে আৰু তেওঁৰ গামোচা মুখ্যমন্ত্ৰীয়ে গ্ৰহণ কৰে।

Post a Comment

0 Comments