জিলাই-জিলাই সংখ্যালঘু নাগৰিক নিৰূপণৰ নিৰ্দেশ বিচাৰি উচ্চতম ন্যায়ালয়ত আবেদন


 উচ্চতম ন্যায়ালয় (Supreme Court)ত জিলা ভিত্তিত সংখ্যালঘু নিৰূপণ কৰাৰ নিৰ্দেশ বিচাৰি দাখিল হৈছে লেখ আবেদন । দেশৰ বহু ৰাজ্যত হিন্দু সকল সামাজিক, অৰ্থনৈতিক আৰু ৰাজনৈতিক ভাৱে অনগ্ৰসৰ আৰু সংখ্যালঘু (Hindu Minority) কিন্তু তৎসত্বেও কেৱল সমগ্ৰ দেশতে একক ভাৱে কেৱল মুছলমান, খ্ৰীষ্টান, শিখ, বৌদ্ধ আৰু পাৰ্চী সকলে সংখ্যালঘুৰ মৰ্যাদা লাভ কৰে । এই যুক্তিৰে আবেদনকাৰীয়ে জিলাই-জিলাই পৰিসংখ্যাৰ ভিত্তিত সংখ্যালঘু (Districtwise Minority) নিৰূপণ কৰাৰ নিৰ্দেশ বিচাৰিছে ।

উচ্চতম ন্যায়ালয়ত দাখিল কৰা আবেদনত ৰাষ্ট্ৰীয় সংখ্যালঘু আইন ১৯৯২চনৰ দফা ২(গ)ক প্ৰত্যাহ্বান জনোৱা হৈছে । এই দফাই কেন্দ্ৰক সংখ্যলঘু নিৰূপণৰ ক্ষেত্ৰত সৰ্বোচ্চ ক্ষমতা অৰ্পণ কৰে। আবেদনকাৰীৰ মতে সেই দফা উচ্চতম ন্যায়ালয়ে টি এম এ পাই গোচৰত দিয়া নিৰ্দেশৰ পৰিপন্থী । টি এম এ পাই গোচৰত উচ্চতম ন্যায়ালয়ে ভাষিক আৰু ধাৰ্মিক সংখ্যালঘু নিৰূপণৰ দায়িত্ব ৰাজ্য চৰকাৰক অৰ্পণ কৰিছিল ।

Post a Comment

0 Comments