BJPয়ে দলৰ পৰা নিলম্বন কৰিলে নুপুৰ শৰ্মাক, হজৰত মহম্মদক লৈ কৰা মন্তব্যৰ বাবে নবীন জিন্দালক বহিষ্কাৰ


 দেওবাৰে বিজেপিয়ে দলৰ মুখপাত্ৰ নুপুৰ শৰ্মাক দলৰ পৰা নিলম্বন কৰাৰ লগতে আন এজন নেতা নবীন কুমাৰ জিন্দালক দলৰ পৰা বহিষ্কাৰ কৰে। জানিব পৰা মতে হজৰত মহম্মদৰ বিৰুদ্ধে কৰা বিতৰ্কিত মন্তব্যৰ বাবে দুয়োজনৰ বিৰুদ্ধে এই কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। এই মন্তব্যই বিজেপি দলটোক অপৰিসীম ক্ষতিসাধন কৰা বুলি অনুভৱ কৰিছিল বুলি এক সূত্ৰই প্ৰকাশ কৰিছে।

নুপুৰ শৰ্মাৰ মন্তব্যসমূহ দলৰ স্থিতিৰ বিপৰীত বুলি উল্লেখ কৰি বিজেপিয়ে তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ নুপুৰ শৰ্মাক দলৰ পৰা নিলম্বন কৰে। লগতে দলৰ প্ৰাথমিক সদস্য পদৰ পৰাও নিলম্বন কৰে।

Post a Comment

0 Comments