‘‘অগ্নিপথৰ বিক্ষোভকাৰীক বিভ্ৰান্ত কৰা হৈছে’’ – CNN-News18 টাউন হলত মন্তব্য কেন্দ্ৰীয় মন্ত্ৰী অনুৰাগ ঠাকুৰৰ

 


অগ্নিপথ আঁচনি আধুনিক সশস্ত্ৰ বাহিনী গঠনৰ লক্ষ্যৰ ক্ষেত্ৰত এক ডাঙৰ পদক্ষেপ, শনিবাৰে CNN-News18 টাউন হলৰ উদ্বোধনী অনুষ্ঠানত এই মন্তব্য কৰে কেন্দ্ৰীয় মন্ত্ৰী অনুৰাগ ঠাকুৰে। অগ্নিপথৰ নামত হিংসা আৰু চৰকাৰী সম্পত্তি ধ্বংসৰো তীব্ৰ নিন্দা কৰে মন্ত্ৰীগৰাকীয়ে। মঞ্চত CNN-News18ৰ মাৰিয়া ছাকিলৰ সৈতে এক সাক্ষাৎকাৰত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে যুৱকসকলৰ ওচৰত অগ্নিপথৰ বিষয়ে যিকোনো উদ্বেগ শান্তিপূৰ্ণভাৱে প্ৰকাশ কৰাৰ আহ্বান জনায়। চৰকাৰলৈ চিঠি লিখিবলৈ আমন্ত্ৰণ জনায় তেওঁ।

‘‘অগ্নিপথ আঁচনি ভাৰতীয় সেনা বাহিনীৰ বাবে এক ডাঙৰ পদক্ষেপ। কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনীত ১০ শতাংশ সংৰক্ষণো ঘোষণা কৰা হৈছে অগ্নিবীৰসকলৰ বাবে... বহু ৰাজ্যত ইতিমধ্যে বিভিন্ন বিভাগত অগ্নিবীৰসকলৰ বাবে সংৰক্ষণৰ ঘোষণা কৰিছে’’, ক’লে অনুৰাগ ঠাকুৰে। প্ৰতিবাদৰ আঁৰত সংঘটিত হিংসাৰ নিন্দা কৰি অনুৰাগ ঠাকুৰে জনায়, যুৱ সম্প্ৰদায়ক আচলতে বিভ্ৰান্ত কৰা হৈছে।

Post a Comment

0 Comments